কৰিমগঞ্জ, 12 ছেপ্তেম্বৰ : কৰিমগঞ্জৰ মালুয়াত এটা ঘৰৰ পৰা ৯০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজন যুৱকক আটক কৰে বদৰপুৰ আৰক্ষীয়ে । বদৰপুৰ আৰক্ষীৰ জানিবলৈ দিয়া অনুসৰি, গোপন সূত্ৰৰ খবৰৰ ভিত্তিত শুকুৰবাৰে মালুয়া পাম্পৰ কাষৰ এটা ঘৰত তালাছী চলোৱাত এই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয় ৷ ঘটনাৰ সৈতে জড়িত দুই সৰবৰাহকাৰী আটক হ'লেও আন চাৰিজন পলাই হাৰিবলৈ সক্ষম হয় ৷
![কৰিমগঞ্জ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/askxj801to804drugsandtwosupplierseizedbybadarpurpolice_11092020225326_1109f_1599845006_588.jpg)
বৰ্তমান বদৰপুৰ আৰক্ষীয়ে আন চাৰিজনক আটক কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷ আটকাধীন দুয়োকে স্বাস্থ্য় পৰীক্ষাৰ বাবে শ্ৰীগৌৰি হাস্পতাললৈ লৈ যোৱা হৈছে ৷ শনিবাৰে তেওঁলোকক আদালততত হাজিৰ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷