ETV Bharat / state

কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তৰ পৰা জব্দ 1 কোটি মূল্যৰ নিচাযুক্ত সামগ্ৰী

author img

By

Published : Mar 5, 2020, 12:02 AM IST

ড্ৰাগছৰ ঘাটিত পৰিণত কৰিমগঞ্জৰ সীমান্তৱৰ্তী এলেকা বদৰপুৰৰ পৰা বুধবাৰে আটক কৰা হয় দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷ সৰবৰাহকাৰী দুজনৰ লগতে প্ৰায় 1,00,00,000 কোটি মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী ৷ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মাফিয়া দুজনক বদৰপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ ধৃত মাফিয়া দুজনক বৃহস্পতিবাৰে কৰিমগঞ্জৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব বুলি বদৰপুৰ থানাৰ আৰক্ষী অধীক্ষক বিনোদ কুমাৰ বৰ্মনে জানিবলৈ দিয়ে ৷

Drugs smugglar arrested at karimganj
নিচাযুক্ত সামগ্ৰী জব্দ

বদৰপুৰ,4 মাৰ্চঃ কৰিমগঞ্জৰ ভাৰত-বাংলা আন্তৰ্জাতিক সীমান্তৰ ভাংগা 131 নং সীমান্তৰক্ষী বাহিনীৰ বৃহৎ সাফল্য লাভ । বুধবাৰে বদৰপুৰৰ মখই ভাংগা এলেকাত অভিযান চলাই প্ৰায় 1,00,00,000 টকাৰ ড্ৰাগছৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । ধৃত সৰবৰাহকাৰী দুজন ভাঙ্গা অঞ্চলৰ ক্ৰমে চুনু আহমেদ আৰু চাহাবউদ্দিন বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বদৰপুৰৰ লগতে ভাঙ্গা এলেকাত দীৰ্ঘদিন ধৰি ড্ৰাগছ মাফিয়াসকলে একপ্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ কিন্তু আশ্বৰ্যজনকভাৱে বদৰপুৰ আৰু ভাঙ্গা আৰক্ষীয়ে এইক্ষেত্ৰত নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ উক্ত অঞ্চলত দিনৰ ভাগতে যুৱ প্ৰজন্মসকলে নিচাত ডুব গৈ থাকে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ৷ ড্ৰাগছ মাফিয়াসকলে বাংলাদেশৰ লগতে ত্ৰিপুৰা,মণিপুৰ তথা মেঘালয়লৈ নিচাযুক্ত দ্ৰব্যসমূহ সৰবৰাহ কৰি থাকে ৷

ড্ৰাগছ সৰবৰাহকাৰী আটক

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা অনুসৰি, বুধবাৰে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অসামৰিক পোছাকত 5 জন জোৱানে উক্ত অঞ্চলৰ চুনু আহমেদৰ ঘৰত তালাচী চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে মাফিয়া দুজনক আটক কৰিবলৈ সক্ষম হয় ৷ সীমান্ত সুৰক্ষা বাহিনীৰ দলটোৰ নেতৃত্ব বহন কৰে শীৰ্ষ বিষয়া বিবেক মিশ্ৰয়ে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে বদৰপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় ৷ ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীয়ে মাফিয়া দুজনক বদৰপুৰ আৰক্ষীৰ হাতত চমজাই দিয়ে ৷ ধৃত মাফিয়া দুজনক বৃহস্পতিবাৰে কৰিমগঞ্জৰ স্থানীয় আদালতত হাজিৰ কৰোৱা হ’ব বুলি বদৰপুৰ থানাৰ আৰক্ষী অধীক্ষক বিনোদ কুমাৰ বৰ্মনে জানিবলৈ দিয়ে ৷

লগতে চাওকঃচিৰিয়াখানাত বাঘিনীৰ সন্মুখত পৰি মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.