ETV Bharat / state

নিলাম বজাৰ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 24, 2021, 10:13 PM IST

বৃহস্পতিবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে এগৰাকী সৰবৰাহকাৰীক আটক কৰে কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম জাকিৰ হুছেইন ৷

drugs padler arrested in nilambozzar karimganj
নিলামবজাৰ আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী

কৰিমগঞ্জ, 24 জুন : কৰিমগঞ্জত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । কৰিমগঞ্জৰ নিলাম বজাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে এগৰাকী সৰবৰাহকাৰীক আটক কৰে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম জাকিৰ হুছেইন ৷ সৰবৰাহকাৰী জাকিৰ হুছেইনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে এহেজাৰ খালী টেমা জব্দ কৰে আৰক্ষীয়ে ৷

নিলাম বজাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি এখন যাত্ৰীবাহী বাছত তালাচী চলায় । আৰক্ষীয়ে খবৰ লাভ কৰিছিল যে, কৰিমগঞ্জৰ পৰা আহি থকা এখন যাত্ৰীবাহী বাছত ড্ৰাগছ লৈ এগৰাকী সৰবৰাহকাৰী আহি আছে । সেই খবৰৰ ভিত্তিত আৰক্ষীয়ে অসম-ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথত খাপ পিটি আছিল ৷

আৰক্ষীয়ে সদৰী কৰা মতে, দুটা বাকচত লৈ অহা হৈছিল ড্ৰাগছখিনি ৷

ধৃত জাকিৰৰ ঘৰ হৈছে কৰিমগঞ্জ চহৰৰ কানিশাইল অঞ্চলত ৷ মন কৰিবলগীয়া যে, সমগ্ৰ অসমত বৰ্তমানেও অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ সেই অনুসৰি পূৰ্বে 8 জুনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কৰিমগঞ্জ আৰক্ষীয়ে এজন সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আমিৰ হুছেইনৰ পৰা জব্দ হৈছিল প্লাষ্টিকৰ কণ্টেইনাৰত থকা 1.82 গ্ৰাম ড্ৰাগছ ।

লগতে পঢ়ক: কৰিমগঞ্জত ড্ৰাগছসহ আটক এজন ড্ৰাগছ সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.