ETV Bharat / state

ডাক্তৰ নকৰে শুশ্ৰূষা : মাতৃয়ে নিজে প্ৰসৱ কৰোৱালে কন্যাৰ - ক’ভিড হাস্পতাল

এগৰাকী মহিলাই নিজৰ গৰ্ভৱতী কন্যাক ভৰ্তি কৰিছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু প্ৰসূতিগৰাকীৰ দেহত ক’ভিড-19 ধৰা পৰাত তেওঁক ক’ভিড হাস্পতাললৈ লৈ যোৱা হয় ৷ হাস্পতালত ভৰ্তি হোৱাৰ কিছু পৰ পাচতেই প্ৰসৱ যন্ত্ৰণাত চটফটাবলৈ ধৰে প্ৰসূতি গৰাকীয়ে ৷ তেওঁৰ মাতৃয়ে বাৰে বাৰে চিকিৎসক আৰু নাৰ্চক চিকিৎসাৰ বাবে খাটনি দৰে যদিও নাহিল কোনো এজন ৷ উপায়ন্তৰ হৈ নিজেৰ কন্যাৰ প্ৰসৱ কৰালে মহিলাগৰাকীয়ে ৷

pregnant lady
pregnant lady
author img

By

Published : Aug 27, 2020, 10:31 PM IST

কৰিমগঞ্জ, 27 আগষ্ট : চৰকাৰী হাস্পতাল প্ৰসূতিৰ হাহাকাৰ ৷ প্ৰসৱ যান্ত্ৰণাত হাস্পতালৰ বিচনাত চিৎকাৰ এগৰাকী প্ৰসূতিৰ ৷ বাৰে-বাৰে ৰোগীৰ অভিভাৱকে খবৰ দিছে চিকিৎসকক ৷ চিকিৎসক-নাৰ্চ সকলো আছে, কিন্তু বাৰম্বাৰ অনুৰোধ কৰাৰ পাচতো প্ৰসূতি গৰাকীৰ কাষত ঠিয় নহ’ল চিকিৎসক ৷ ঘটনাটো সংঘটিত হৈছে কৰিমগঞ্জ জিলাত ৷

প্ৰসূতি গৰাকীৰ কাষলৈ চিকিৎসক নোযোৱাৰ কাৰণ আচৰিত হ’ব লগীয়া ৷ এগৰাকী মহিলাই নিজৰ গৰ্ভৱতী কন্যাক ভৰ্তি কৰিছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ৷ কিন্তু প্ৰসূতিগৰাকীৰ দেহত ক’ভিড-19 ধৰা পৰাত তেওঁক ক’ভিড হাস্পতাললৈ লৈ যোৱা হয় ৷ হাস্পতালত ভৰ্তি হোৱাৰ কিছু পৰ পাচতেই প্ৰসৱ যন্ত্ৰণাত চটফটাবলৈ ধৰে প্ৰসূতি গৰাকীয়ে ৷ তেওঁৰ মাতৃয়ে বাৰে-বাৰে চিকিৎসক আৰু নাৰ্চক চিকিৎসাৰ বাবে খাটনি দৰে যদিও নাহিল কোনো এজন ৷ উপায়ন্তৰ হৈ নিজেৰ কন্যাৰ প্ৰসৱ কৰালে মহিলাগৰাকীয়ে ৷

মাতৃয়ে প্ৰসৱ কৰোৱালে নিজ কন্যাৰ

সমগ্ৰ ঘটনা কেমেৰাত বন্দী কৰিলে ক’ভিড চিকিৎসালয়ত থকা আন এগৰাকী ৰোগীয়ে ৷ এনে ঘটনাই চিকিৎসা ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ৷ চিকিৎসকৰ এনে কৰ্ম-কাণ্ডক ধিক্কাৰ জনাইছে বিভিন্ন জনে ৷ প্ৰশ্ন হয়, দুৰ্ভাগ্যবশঃ প্ৰসূতিগৰাকী অথবা নৱজাতকটিৰ কোনো হানি হোৱা হ'লে দায়িত্ব ল’লে হেতেন নে চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষই ৷ ক’ভিড ৰোগী সকল অস্পৃশ্য নেকি ? নে তেওঁলোকৰ চিকিৎসা লাভৰ কোনো অধিকাৰ নাই ? ৰোগীৰ ক্ষেত্ৰত এনে ব্যৱহাৰ সমীচিন নে ?

লগতে পঢ়ক : গৰু গোহালিত পৰিণত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.