ETV Bharat / state

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পাথাৰকান্দিবাসীক

author img

By

Published : Sep 23, 2020, 2:13 PM IST

অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ তথা পাথাৰকান্দি চহৰৰ মাজমজিয়াৰ বোকাময় পথটোৱে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবেই পথটো আজিলৈ সুচল হৈ নুঠাৰ অভিযোগ ৰাইজৰ ৷

জৰাজীৰ্ণ পথ
জৰাজীৰ্ণ পথ

কৰিমগঞ্জ, 23 ছেপ্তেম্বৰ: পাথাৰকান্দি চহৰৰ মাজমজিয়াৰ বোকাময় পথে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থাই অশনি শংকেত কঢ়িয়াই আনিছে ৰাইজলৈ ৷ কিয়নো অতি বিপদজনক অৱস্থাত থকা বোকাময় পথটোত ইতিমধ্যে কেইবাবাৰো সংঘটিত হৈছে দুৰ্ঘটনা ৷ পথটোৰ বাবে সম্প্ৰতি ব্যাপক লোকচানৰো সন্মুখীন হৈছে চহৰখনত থকা ব্যৱসায়ীসকল ৷ কিয়নো বোকাময় পথ অতিক্ৰম কৰি সামগ্ৰী ক্ৰয় কৰিবলৈ আহিবও কুণ্ঠাবোধ কৰে গ্ৰাহকে ৷

জৰাজীৰ্ণ পথে দুৰ্ভোগ ভোগাইছে পাথাৰকান্দিবাসীক

পথটোৰ জৰাজীৰ্ণ অৱস্থাই ক্ষোভিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৷ কিয়নো স্থানীয় ৰাইজৰ মতে, বিগত 5 বছৰৰ পৰাই ৰাইজে সন্মুখীন হৈ আহিছে অনুৰূপ সমস্যাৰ ৷ পথ মেৰামতিৰ কাম কৰে যদিও আজিলৈ সেই কাম সম্পূৰ্ণ নকৰাৰো অভিযোগ কৰিছে ৰাইজে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক ৰাইজে বহুবাৰ অৱগত কৰিছে যদিও, কোনো সুফল নোপোৱাৰ অভিযোগো উত্থাপন কৰে ৷ ৰাইজৰ মতে, কৰিমগঞ্জ প্ৰশাসন আছে যদিও তেওঁলোক থকাটো ভিত্তিহীন ৷

লগতে পঢ়ক: আগন্তুক ২৪ ঘন্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ৰাজ্যৰ ভিন্ন প্ৰান্তত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.