ETV Bharat / state

ত্ৰিপুৰাৰ উত্তৰ জিলাত পথ দুৰ্ঘটনাত নিহত এজন

ত্ৰিপুৰাৰ উত্তৰ জিলাৰ পানিশাগৰ মহকুমাৰ অন্তৰ্গত ৰৌয়া বিদ্যালয় সংলগ্ন এলেকাত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয় ৷

author img

By

Published : Oct 30, 2020, 9:13 AM IST

ত্ৰিপুৰাৰ উত্তৰ জিলাত পথ দুৰ্ঘটনাত নিহত এজন
ত্ৰিপুৰাৰ উত্তৰ জিলাত পথ দুৰ্ঘটনাত নিহত এজন

কৰিমগঞ্জ, 30 অক্টোবৰ : কৰিমগঞ্জ সীমান্তৱৰ্তী ত্ৰিপুৰাৰ উত্তৰ জিলাত যোৱানিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয় ৷ চুবুৰীয়া ৰাজ্যখনৰ উত্তৰ জিলাৰ পানিশাগৰ মহকুমাৰ অন্তৰ্গত ৰৌয়া বিদ্যালয় সংলগ্ন এলেকাত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

পথৰ কাষত ৰৈ থকা ট্ৰাকত তীব্ৰবেগী বাইকে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় বাইক আৰোহীজন ৷ নিহত বাইক আৰোহীজন নবীন দেৱনাথ বুলি জানিব পৰা গৈছে ৷ নিহত দেৱনাথ পেছাত এজন ফাৰ্মাচিষ্ট আৰু জলেৱাছাৰ পৰা ৰোৱাইস্থিত নিজ বাসগৃহলৈ উভটি অহাৰ পথতেই নিশা সংঘটিত হয় দুৰ্ঘটনাটো ৷

দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইকখনৰ পঞ্জীয়ন নম্বৰ TR-05-7111 হোৱাৰ বিপৰীতে ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ AS-01-DD-8376 বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাৰ পিচতেই ঘটনাস্থলীত পানিশাগৰ আৰক্ষী উপস্থিত হৈ ট্ৰাক আৰু বাইকখন আৰক্ষী চকীলৈ লৈ যোৱাৰ লগতে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে পানিশাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : বৃহৎ সংখ্যক চুৰি সামগ্ৰীৰে নগাঁও আৰক্ষীৰ জালত দুই গভাইত চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.