ETV Bharat / state

কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ - কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

কৰিমগঞ্জ জিলাৰ ডেফলালা গাঁৱত চাঞ্চল্য ৷ জংঘলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ ৷ ঘটনাস্থলীত আৰক্ষীসহ উপস্থিত দণ্ডাধীশ ৷

কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
author img

By

Published : Apr 16, 2021, 5:11 PM IST

কৰিমগঞ্জ , 16 এপ্ৰিল : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ডেফলালা গাঁৱৰ জংঘলৰ পৰা উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ অৰ্ধগলিত মৃতদেহ । মৃতদেহটো ডেফলালা গাঁৱৰ ফাৰুক হুছেইন বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে । শুকুৰবাৰে স্থানীয় লোকে মৃতদেহটো হাবিৰ মাজত পৰি থকা প্ৰত্যক্ষ কৰি পাথাৰকান্দি আৰক্ষী থানাত খবৰ দিয়ে । আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ সমান্তৰালকৈ তদন্ত আৰম্ভ কৰে ।

কৰিমগঞ্জত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

স্থানীয় দণ্ডাধীশৰ উপস্থিতিত পাথাৰকান্দি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি প্ৰাথমিক তদন্তত চাৰি পাঁচ দিন পূৰ্বে হত্যা কৰা হোৱা বুলি জানিব দিয়ে ৷ মৃতদেহটোৰ ডিঙিত যিহেতু আঘাতৰ চিন স্পষ্ট, সেয়েহে ব্যক্তিজনক চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি জংঘলৰ মাজত দুষ্কৃতিকাৰীয়ে পেলাই দিয়াৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে পাথাৰকান্দি আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক : নিজ মাতৃয়ে চুৰীৰে হানি হত্যা কৰিলে ছমহীয়া সন্তানক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.