কৰিমগঞ্জ, 5 জুনঃ ৰাতাবাৰীৰ দুল্লভছড়া চাহ বাগিছাত এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ জানিব পৰা মতে, চাহগছত ঔষধ ছটিওৱাৰ সময়ত দুগৰাকী শ্ৰমিকে বাগিছাৰ নলাত উলংগ অৱস্থাত মৃতদেহটো পৰি থকা দেখে ৷ মৃতদেহটো দেখি শ্ৰমিক দুগৰাকীয়ে ততাতয়াকৈ বাগিছা কৰ্তৃপক্ষক অৱগত কৰে ৷
কৰ্তৃপক্ষই ৰাতাবাৰী আৰক্ষী চকীত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰক্ষীয়ে আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ পৰিচিতি ওলোৱা নাই মহিলাগৰাকীৰ ৷