কৰিমগঞ্জ, 20 মাৰ্চঃ কৰিমগঞ্জৰ নিলাম বজাৰৰ ৰে'ল আলিত উদ্ধাৰ এজন লোকৰ ক্ষত বিক্ষত মৃতদেহ ৷ উদ্ধাৰ হোৱা মৃতদেহটো অনুপ দে নামৰ এগৰাকী লোকৰ বুলি চিনাক্ত কৰা গৈছে ৷ মৃত লোকগৰাকী কৰিমগঞ্জৰ ঘোগৰাকোনা গাঁৱৰ বুলি জানিব পৰা গৈছে ৷ লোকজন পেছাত এগৰাকী কীৰ্তন দলৰ সদস্য হিচাপে গুৱাহাটীত আছিল ৷
ৰহস্যজনকভাৱে লোকজনে পৰিধান কৰি থকা কাপোৰ সমূহ ওলোটাকৈ আছিল ৷ জেকেটৰ ওপৰত ছাৰ্ট পিন্ধি থকা অৱস্থাত পৰি আছিল মৃতদেহটো ৷ স্থানীয় লোকে সন্দেহ কৰা মতে, কোনো লোকে হত্যা কৰি ৰে'ল পথৰ ওপৰত পেলাই থৈ গৈছে লোকজনক ৷ ৰে'ল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷