কৰিমগঞ্জ,12 এপ্ৰিল : কৰিমগঞ্জৰ বালিয়াত দেওবাৰে নিশা সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ 200 বছৰীয়া পুৰণি নৰসিংহ মন্দিৰত লুটপাত চলোৱাৰ লক্ষ্যৰে পূজাৰীৰ ওপৰত আক্ৰমণ চলায় এটি ডকাইতৰ দলে ৷ মন্দিৰৰ পূজাৰী ৰাজেশ চক্ৰৱৰ্তীৰ বাসগৃহত প্ৰৱেশ কৰে ডকাইতৰ দলটোৱে ৷ ইয়াৰ পাচতে পূজাৰীৰ পৰিয়ালৰ সকলো সদস্যৰ হাত-ভৰি বান্ধি ডিঙিত দা দেখুৱাই মাৰি পেলোৱাৰ ভাবুকি প্ৰদান কৰে ৷ কিন্তু সেই মূহুৰ্তলৈকে মন্দিৰৰ ছাবি উলিয়াই দিয়া নাছিল পূজাৰীজনে ৷ অৱশেষত, ডকাইতৰ দলটোৱে পূজাৰীৰ কন্যাক অপহৰণৰ ভাবুকি প্ৰদান কৰাৰ পাচত মন্দিৰটোৰ ছাবি ডকাইতৰ হাতত দিবলৈ বাধ্য হয় পূজাৰী চক্ৰৱৰ্তীয়ে ৷
ছাবি পোৱাৰ পাচতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি সোণৰ অলংকাৰ, সোণ-ৰূপৰ তুলসী পাত, বেলপাত আৰু নগদ ধন লুটি নিয়ে ডকাইতৰ দলটোৱে ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি ব্যাপক উত্তেজনাৰ সৃষ্টি হয় অঞ্চলটোত ৷ উল্লেখ্য যে, প্ৰায় দহ বছৰ পূৰ্বেও এই নৰসিংহ মন্দিৰত ডকাইতি কাণ্ড সংঘটিত হৈছিল ৷ সেই সময়ত মন্দিৰটোত থকা ধাতুৰ মূৰ্তি লুটি নিছিল ডকাইতে ৷ দহ বছৰৰ পাচত পুনৰ একেটা মন্দিৰতে সংঘটিত হোৱা ডকাইতি কাণ্ডক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷
লগতে পঢ়ক : কলগাছিয়াত বহাগক আদৰণি অনুষ্ঠানৰ আয়োজন