কৰিমগঞ্জ, 14 জুলাই : ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ জাল । এই জালৰ পৰা বাদ পৰা নাই সাধাৰণ ৰাইজ, মন্ত্ৰীৰ পৰা উচ্চ পদস্থ বিষয়ালৈকে । প্ৰায় প্ৰতিদিনে সংঘটিত হৈ আহিছে এনে বহু অপৰাধ(Cybercriminals are targeting normal people through social media) ।
এইবাৰ ঘটনাৰ স্থান হৈছে কৰিমগঞ্জ ৷ কৰিমগঞ্জত এইবাৰ ব্লেক মেইলিঙৰ জৰিয়তে লাখ লাখ টকা উপাৰ্জন কৰাৰ অভিযোগত আটক হ'ল দুই কলেজীয়া ছাত্ৰ-ছাত্ৰী ৷ পূৰ্বে বৰাক উপত্যকাৰ বিভিন্ন অঞ্চলত ব্লেক মেইলিঙৰ দৰে বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাছিল ৷
অভিযোগ অনুসৰি দুই আটকাধীন ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিন ধৰি সামাজিক মাধ্যমৰ জৰিয়তে প্ৰফাইলত সুন্দৰী যুৱতীৰ ফটো লগাই বিভিন্ন লোকক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই প্ৰথমে জালত পেলায় ৷ ইয়াৰ পিছতে ভিডিঅ' ক'লৰ জৰিয়তে আপত্তিজনক ছবিৰ স্ক্ৰীণশ্বট তুলি আৰম্ভ কৰে ব্লেক মেইলিং ৷ লগতে ছ'চিয়েল মিডিয়াত আপত্তিজনক ফটো ভাইৰেল কৰাৰ ভাবুকি দি দুই ছাত্ৰ-ছাত্ৰীয়ে আদায় কৰে লাখ লাখ টকা ৷
এই ঘটনাৰ ভুক্তভোগী এজন যুৱকে এই বিষয়ে আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে এই দুই ছাত্ৰ-ছাত্ৰীক ৷ ধৃত দুই ছাত্ৰ-ছাত্ৰীৰ ম'বাইল ফোনৰ পৰা আৰক্ষীয়ে বহু আপত্তিজনক ফটো আৰু ভিডিঅ' লাভ কৰে ৷ অভিযুক্ত দুই ছাত্ৰ-ছাত্ৰীৰ ঘৰ পাথাৰকান্দি সমষ্টিৰ বাজাৰিচৰাত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষী দুজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ বৰ্তমান এই ঘটনাক লৈ কৰিমগঞ্জত চাঞ্চল্যই বিৰাজ কৰিছে ।
লগতে পঢ়ক : Fake WhatsApp account of Minister Bimal Bora: এইবাৰ চাইবাৰ অপৰাধীৰ জালত মন্ত্ৰী বিমল বৰা