ETV Bharat / state

কৰিমগঞ্জৰ পাথাৰকান্দিত গৰু চোৰক ৰাইজৰ লপা থপা

author img

By

Published : Mar 22, 2022, 10:30 PM IST

কৰিমগঞ্জৰ পাথাৰকান্দিত দুটা নিশাৰ অপেক্ষাৰ অন্তত ৰাইজে কৰায়ত্ব কৰিলে গৰু চোৰক ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত চোৰটোৰ চিকিৎসা চলাই থকা হৈছে । ইয়াৰ পূৰ্বেও ধৃত চোৰটোৰ বিৰুদ্ধে ৰাতাবাৰী এলেকাতো চুৰি সংক্ৰান্তীয় ৰুজু আছে বহু গোচৰ(Cattle thief arrested in Karimganj) ৷

কৰিমগঞ্জৰ পাথাৰকান্দিত গৰু চোৰক লপা থপা
কৰিমগঞ্জৰ পাথাৰকান্দিত গৰু চোৰক লপা থপা

কৰিমগঞ্জ, 12 মাৰ্চ : কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত পাথাৰকান্দি ব্লক এলেকাত পুনৰ ৰাইজৰ হাতত আটক এটা গৰু চোৰ(Cattle thief caught by public)। দুটা নিশাৰ অপেক্ষাৰ অন্তত ৰাইজে লপা-থপা দি কৰায়ত্ব কৰিলে গৰু চোৰক । উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা এলেকাৰ ৰাইজে আজিম উদ্দিন নামৰ এটা গৰু চোৰক আটক কৰিবলৈ সক্ষম হয় (Cattle thief arrested in Karimganj)।

ইয়াৰ পিছতে পুৱাৰ ভাগত চোৰটোক গৰুৰ সৈতে বান্ধি ৰাজহুৱা ভাবে প্ৰহাৰ কৰে উত্তেজিত স্থানীয় একাংশ ৰাইজে ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ হাতত চমজাই দিয়ে গৰু চোৰটোক ।সম্প্ৰতি আৰক্ষীৰ জিম্মাত চোৰটোৰ চিকিৎসা চলাই থকা হৈছে । জানিব পৰা মতে ধৃত আজিম উদ্দিনৰ বিৰুদ্ধে ৰাতাবাৰী থানাতো ৰুজো আছে চুৰি সংক্ৰান্তীয় বহুকেইটা গোচৰ ৷

কৰিমগঞ্জৰ পাথাৰকান্দিত গৰু চোৰক ৰাইজৰ লপা থপা

উল্লেখযোগ্য যে, এই এলেকাত বিগত বহুদিনৰ পৰাই গৰু চোৰৰ সন্ত্ৰাসে একপ্ৰকাৰে নিদ্ৰা হৰণ কৰি আহিছে সাধাৰণ ৰাইজৰ । আনকি নিশাৰ ভাগত গাঁৱৰ ৰাইজে দিবলগীয়া হয় পহৰা ৷ তৎস্বত্বেও হ্ৰাস পোৱা নাই গৰু চোৰৰ উপদ্ৰৱ ৷ সেয়ে অৱশেষত চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পাবলৈ স্থানীয় ৰাইজে নিশা খাপ পাতি দুটা নিশাৰ ভিতৰত এটা চুৰক কৰায়ত্ব কৰি কৰিলে প্ৰহাৰ ৷

লগতে পঢ়ক : Bike theft in Rangia: মালিকে চাই থাকোতেই চোৰে লৈ গ’ল বাইক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.