ETV Bharat / state

কৰিমগঞ্জত গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰঃ জব্দ 12 টা গৰু

author img

By

Published : Sep 30, 2019, 3:17 PM IST

কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া অঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে ট্ৰাক সহ 12 টা গৰু জব্দ কৰে ৷ আৰক্ষীয়ে গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড আৰু ট্ৰাক খনৰ মালিকক আটক কৰে ৷

কৰিমগঞ্জত গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড গ্ৰেপ্তাৰ

কৰিমগঞ্জ, 30 ছেপ্টেম্বৰঃ কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া অঞ্চলত সোমবাৰে নিশা আৰক্ষীয়ে ট্ৰাক সহ 12 টা গৰু জব্দ কৰে ৷ আৰক্ষীয়ে গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড আৰু ট্ৰাক খনৰ মালিকক আটক কৰিবলৈ সক্ষম হয় যদিও গৰু চোৰ দলটোৰ তিনিজন সদস্যই পলায়ন কৰিবলৈ সক্ষম হয় ৷

তথ্যনুসৰি বাজাৰিছড়া থানাৰ আৰক্ষী পেট্ৰলিঙত ওলাই যোৱা সময়ত ছলগৈ অঞ্চলত সন্দেহজনক ভাৱে As-10C-2868 নম্বৰৰ ট্ৰাক এখন আৰু চাৰি জন ব্যক্তিক প্ৰত্যক্ষ কৰে ৷ আৰক্ষী অহাৰ উমান পাই সন্দেহজনক লোক কেইজনে ট্ৰাক খন লৈ পলায়ন কৰে ৷ অৱশেষত পাথাৰকান্দি থানা এলাকাৰ মুণ্ডমালাত ট্ৰাক খনৰ যান্ত্ৰীক বিজুতি ঘটাত ট্ৰাকত থকা লোক কেইজনে ট্ৰাক খন এৰি পলায়ন কৰে ৷ উক্ত ট্ৰাক খনত আৰক্ষীয়ে তালাচি অভিযান চলাই 12 টা গৰু জব্দ কৰে ৷ ইয়াৰ মাজতেই ঘটনাস্থলীত এখন অল্টো গাড়ীৰে দুজন লোক উপস্থিত হৈ ট্ৰাক খন তেওঁৰ বুলি কয় । লোকজনৰ লগত আৰু এজন লোক উপস্থিত আছিল ৷ পৰৱৰ্তী সময়ত দুয়োকে আৰক্ষীয়ে আটক কৰি শোধপোচ কৰাত দুয়োৰে নাম ফকৰউদ্দিন আৰু আব্দুল বাছিত বুলি জানিব পাৰে ৷ জানিব পৰা মতে ফকৰ উদ্দিন উক্ত ট্ৰাখখনৰ মালিক আৰু আব্দুল বাছিত গৰু চোৰ চক্ৰটোৰ মাষ্টাৰমাইণ্ড ৷ দুয়ো সম্পৰ্কত মামা ভাগিন ৷

ইপিনে কিছু সময় অতিবাহিত হোৱাৰ পাচত বাজাৰিছড়া অঞ্চলৰ কিছু ঠাইৰ পৰা কেইজন মান লোকে তেঁওলোকৰ গৰু চোৰ হোৱাৰ অভিযোগ লৈ থানাত উপস্থিত হয় ৷ আৰু লোক কেইজনে জব্দ কৃত গৰু কেইটা তেওঁলোকৰ বুলি চিনাক্ত কৰে ৷ সম্প্ৰতি গৰুকেইটা বাজাৰিছড়া থানাতে ৰখা হৈছে ৷ ধৃত লোক দুজনক বৰ্তমানলৈকে আৰক্ষীয়ে শোধাপোছা অব্যাহত ৰাখিছে আৰু বিয়লি তেওঁলোকক আদালতত গতাই দিয়াৰ সম্ভাৱনা আছে ৷

Intro:Body:SLUG: COW THIEF ARREST WITH 12 COW & TRUCK, KARIMGANJ
ৰাতিৰ এন্ধাৰত কেইবাটাও ঘৰৰ পৰা গৰু চোৰ কৰি লৈ যোৱাৰ সময়ত আৰক্ষীয়ে ধৰা পেলালে এখন ট্ৰাক সহ ১২টাকৈ গৰু । লগতে আটক কৰিলে গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড আৰু গাড়ি চালকক । কিন্তু চোৰৰ দলৰ আন তিনিজন পলাই যাবলৈ সক্ষম হৈছে । ঘটনা কৰিমগঞ্জ জিলাৰ বাজাৰিছড়া এলাকাৰ ।
যোৱা নিশা বাজাৰিছড়া থানাৰ আৰক্ষী পেট্ৰলিংত ওলালে ছলগৈ এলাকাত ঘাইপথৰ উপৰত এখন ট্ৰাক থিয় হৈ থকাৰ লগতে তিনি চাৰিজন ব্যক্তিক কিবা কৰি থকা দেখিবলৈ পায় । এয়া দেখি আৰক্ষীৰ সন্দেহ হলে গাড়িখনৰ কাষত চেপাত তলত থকা তিনিজন লোকে পলায়ন কৰাৰ লগতে গাড়িখন দ্ৰতবেগৰে চলাই পলায়ন আৰম্ভ কৰে । পিছে পিছে গৈ আৰক্ষীয়ে গাড়ি লৈ ট্ৰাখখনক ৰুখিবলৈ চেষ্ঠা কৰে । অবশেষত পাথাৰকান্দি থানা এলাকাৰ মুণ্ডমালাত As 10C- 2868 নম্বৰৰ ট্ৰাখখনত যান্ত্ৰীক বিচুতি দেখা দিলে গাড়ি ৰুখাই চালক পলায়ন কৰে । আৰক্ষীয়ে ট্ৰাখনত তল্লাচি চলালে ১২টাকৈ গৰু উদ্ধাৰ হয় । ইয়াৰ মাজতেই এখন অল্টো গাড়িৰ নামি এজন লোকে এয়া তেঁওৰ গাড়ি বুলি কয় । লোকজনৰ লগতে আন এজন লোকও আছিল । দুয়োকে আৰক্ষীয়ে আটক কৰি থানালৈ শোধপোচ কৰিলে ওলাই পড়ে প্ৰথমজনৰ নাম ফকৰ উদ্দিন, তেঁও ট্ৰাখখনৰ মালিক । দ্বীতিয়জন আব্দুল বাছিত তেঁও গৰু চোৰ চক্ৰৰ মাষ্টাৰমাইণ্ড । দুয়ো সম্পৰ্কত মামা ভাগিন । আনফালে কিছু সময় অতিবাহিত হোৱাৰ পাছত বাজাৰিছড়া এলাকাৰ কিছ ঠাইৰ পৰা তেঁওলোকৰ গৰু চোৰ হোৱাৰ অভিযোগ লৈ থানাত উপস্থিত হয় । পিছে এলাকাৰ ৰাংগামাটি, জেকবনগৰ সহ পাশকাহৰ লোকে চনাক্ত কৰে এয়া তেঁওলোকৰে চোৰ হোৱা গৰু । গৰুকেইটা বৰ্তমানে বাজাৰিছড়া থানাতে ৰখা হৈছে । ধৃত লোক দুজনক বৰ্তমানলৈকে আৰক্ষীয়ে শোধাপোছা অব্যাহত ৰাখিছে । বিয়লি ভাগত আদালতত গতাই দিয়াৰ সম্ভাবনা ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.