ETV Bharat / state

ৰাজ্য চৰকাৰৰ ক’ভিড নীতিক বুঢ়া আঙুলি দেখুৱাই বহিল বজাৰ

author img

By

Published : May 16, 2021, 9:53 PM IST

কৰিমগঞ্জৰ চলগৈ বজাৰত ৰাজ্য চৰকাৰৰ ক’ভিড নীতিৰ উলংঘন ৷ বিনা অনুমতিত বহিল বজাৰ ৷

covid-protocol-breakdown-in-chalgoi-karimganj
ৰাজ্য চৰকাৰৰ ক’ভিড নীতিক বুঢ়া আহুলি দেখুৱাই বহিল বজাৰ

কৰিমগঞ্জ, 16 মে’ : কৰিমগঞ্জৰ চলগৈ বজাৰত প্ৰতি দেওবাৰে বহে সাপ্তাহিক বজাৰ । ব্যতিক্ৰম নহ’ল এইটো দেওবাৰো, চৰকাৰী ক’ভিড নীতিক বুঢ়া আঙুলি দেখুৱাই বহিল সাপ্তাহিক বজাৰ ।

কৰিমগঞ্জ জিলাত 103 গৰাকী লোকৰ দেহত শনিবাৰে ক’ভিডৰ উপস্থিতি ধৰা পৰিছে । ভয়াৱহ সংক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ চৰকাৰে তথা স্বাস্থ্য বিভাগে দিনে নিশাই কৰ্তব্য আগবঢ়াই গৈছে । জাৰি কৰিছে নতুন নতুন নিৰ্দেশনা ৷ কিন্তু, তাৰ বিপৰীতে আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ একাংশই এতিয়া এইদৰে বহুৱালে বজাৰ ৷

কি দোকানী, কি গ্ৰাহক এক বৃহৎ সংখ্যক লোকৰ মুখত নাই মাক্স । সামাজিক দূৰত্বও উঠিল ধোঁৱাচাঙত । বৰ্তমানে প্ৰশ্নৰ অৱতাৰণা হৈছে যে, কাৰ অনুমতি লৈ এইদৰে সাপ্তাহিক বজাৰ বহিল ?

অৱশ্যে, একাংশ সচেতন লোকে বজাৰ চলাৰ কথা আৰক্ষীক খবৰ দিলে যদিও, বহু পলমকৈ আৰক্ষী সেই স্থানত উপস্থিত হয় । বজাৰ দেখি শাক পাচলি ক্ৰয় কৰা দেখা গ’ল এজন আৰক্ষী বিষয়াক ৷

লগতে পঢ়ক : টিংৰাই কাণ্ডত জড়িত দুৰ্বৃত্তৰ সন্ধান দিওতালৈ 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.