কৰিমগঞ্জ, 18 ছেপ্তেম্বৰ: ৰাতাবাৰী সমষ্টিৰ পাঠাখাউৰি পঞ্চায়তত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ চতুৰ্দশ বিত্তীয় আয়োগৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে সভাপতি ইছলাম উদ্দিন আৰু সচিব উজ্জ্বল চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৷ দুয়োজন লোকৰ বিৰুদ্ধে ৰাইজে গ্ৰামোন্নয়ন বিভাগক অভিযোগ প্ৰদান কৰিছিল যদিও, বিভাগীয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত মৌনতা অৱলম্বন কৰি থকাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ বাবে শুকুৰবাৰে তেওঁলোকৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি ক্ষোভ উজাৰিলে স্থানীয় লোকে ৷
লগতে পঢ়ক: ধুবুৰীত টিপকাই নৈৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ