বদৰপুৰ, 3 মে' : লক্ ডাউনৰ মাজতে কৰিমগঞ্জৰ বদৰপুৰ আই চি ডি এচৰ অধীনৰ অংগনবাদী কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ ৷ শিশুৰ বাবে আৱন্টন হোৱা খাদ্য-সামগ্ৰীৰ নামত দীৰ্ঘদিনৰে পৰা কেন্দ্ৰটোত কৰ্মী-সহায়িকাই লুণ্ঠন চলাই অহাৰ অভিযোগ ৷
অভিযোগ অনুসৰি বদৰপুৰৰ কোনা বাগাৰগুল 252 নং অংগনবাদী কেন্দ্ৰটোলৈ বিগত বহু বছৰ ধৰি দুই এগৰাকী ছাত্ৰ-ছাত্ৰী কেতিয়াবা কেন্দ্ৰটোলৈ আহে যদিও বেছিভাগ সময় অনুপস্থিত থাকে ৷
কিন্তু কাগজে পত্ৰই সৰহ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ নাম দেখুৱাই বহু বছৰ ধৰি কেন্দ্ৰটোৰ কৰ্মী-সহায়িকাই হৰলুকি কৰি আহিছে ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰী ৷
এই সম্পৰ্কে স্থানীয় সম্ৰাট পাল নামৰ এগৰাকী যুৱকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাত যুৱকজনৰ ওপৰত আক্ৰমণ কৰে কৰ্মী কল্লাণী নমশুদ্ৰৰ স্বামী জগদীশ নমশুদ্ৰই ৷ পৰৱৰ্তী সময়ত যুৱকজনে স্থানীয় আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাত ওলাই পৰে জুলুঙাৰ মেকুৰী ৷
অনতিপলমে এই দূৰ্নীতিগ্ৰস্থ কৰ্মী-সহায়িকা কেইগৰাকীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লবলৈ প্ৰশাসনক দাবী জনাইছে অভিযোগকাৰীয়ে ৷