ETV Bharat / state

দুদিনকৈ সৎকাৰ কৰা হ'ল এগৰাকী লোকৰ মৃতদেহ - কৰ'ণাত আক্ৰান্ত

কৰিমগঞ্জত সংঘটিত নাভুত-নাশ্ৰুত ঘটনা ৷ দুদিনকৈ সৎকাৰ কৰা হ'ল একেগৰাকী লোকৰে মৃতদেহ ৷ যাক লৈ সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷

দুদিনকৈ সৎকাৰ মৃতদেহ
দুদিনকৈ সৎকাৰ মৃতদেহ
author img

By

Published : Aug 12, 2020, 5:01 PM IST

কৰিমগঞ্জ, 12 আগষ্ট: দুদিনকৈ সম্পন্ন হ'ল এগৰাকী লোকৰে অন্ত্যেষ্টিক্ৰিয়া ৷ এই ঘটনা সংঘটিত হৈছে কৰিমগঞ্জত ৷ সোমবাৰ আৰু মঙলবাৰে দুটাকৈ দিনত কৰিমগঞ্জত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল সুবীৰ দাস নামৰ কৰ'ণা আক্ৰান্ত লোক গৰাকীৰ ৷ নাভুত-নাশ্ৰুত কাণ্ড যেন লাগিলেও এইয়াই সত্য ৷

দুদিনকৈ সৎকাৰ কৰা হ'ল এগৰাকী লোকৰে মৃতদেহ

সোমবাৰে লংগাই শ্মশানত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকগৰাকীক সৎকাৰৰ ব্যৱস্থা কৰিছিল কৰিমগঞ্জ জিলা প্ৰশাসনে ৷ কিন্তু মঙলবাৰে পুনৰ একেখন শ্মশানতে দাহ কৰা হ'ল লোকগৰাকীৰ মৃতদেহ ৷ দ্বিতীয়টো দিনত কৰিমগঞ্জৰ ৰবিন হুড আৰ্মী নামৰ এটা বেচৰকাৰী সংস্থাৰ লোকে সৎকাৰ কৰিলে লোকগৰাকী মৃতদেহ ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত মৃত্যু হৈছিল লোকগৰাকীৰ ৷ সম্পূৰ্ণ কৰ'ণা মহামাৰীৰ নীতি-নিয়ম ৰক্ষা কৰি সোমবাৰে জিলা প্ৰশাসনৰ লোকে সম্পন্ন কৰিছিল লোক গৰাকীৰ শেষকৃত্য ৷ কিন্তু শেষকৃত্য সম্পন্ন কৰাৰ পাচতো লোকগৰাকীৰ শৰীৰৰ সিংহভাগ অংশ নজ্বলাকৈয়ে ৰৈ গৈছিল শ্মশানত ৷ ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত ৷ তাৰ পাচতেই পুনৰ মঙলবাৰে মৃতদেহটোৰ বাকী থকা অংশ দাহ কৰিবলৈ আগবাঢ়ি আহিল ৰবিন হুড আৰ্মী নামৰ বেচৰকাৰী সংস্থাটোৰ সদস্য সকল ৷ সংস্থাটোৰ তিনি গৰাকী সদস্যই স্বাস্থ্য বিভাগৰ পৰা পিপিই কিট সংগ্ৰহ কৰি সেই কিট পৰিধাণ কৰি মঙলবাৰে দাহ কৰিলে লোকগৰাকী দেহৰ বাকী ৰৈ যোৱা অংশ ৷

স্থানীয় লোকৰ অভিযোগ অনুসৰি, সম্পূৰ্ণ প্ৰশাসনৰ ভুলৰ বাবেই এনে ঘটনা সংঘটিত হ'বলৈ পালে জিলা খনত ৷ কেৱল এইয়াই নহয় প্ৰশাসনৰ লোকে মৃতদেহটো দাহ কৰি পিপিই কিট, দাহ কৰা সামগ্ৰী সমূহো য'তে-ত'তে পেলাই থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক: ৰঙিয়া ষ্টেট বেংকৰ দুগৰাকীকৈ বিষয়া আক্ৰান্ত COVID-19ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.