ETV Bharat / state

আজিও সম্পূৰ্ণ নহ'ল কৰিমগঞ্জৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ কাম

সাত বছৰে সম্পূৰ্ণ হৈ নুঠিল কৰিমগঞ্জ জিলাৰ এৰালীগুল এলেকাৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটিৰ নিৰ্মাণৰ কাম ৷ 2013 চনতে আধাৰশিলা স্থাপন হৈছিল ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ ৷ 60 শতাংশ সম্পন্ন হোৱাৰ পাছত 2016 চনত ৰহস্যজনকভাৱে বন্ধ হৈ পৰে নিৰ্মাণৰ কাম ৷

সাত বছৰতো নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিলকৰিমগঞ্জ জিলাৰ  ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ

author img

By

Published : Sep 12, 2020, 1:01 PM IST

কৰিমগঞ্জ, 12 চেপ্তেম্বৰ: 2013 চনতে আধাৰশিলা স্থাপন হোৱাৰ পাছতো সাত বছৰে সম্পূৰ্ণ হৈ নুঠিল কৰিমগঞ্জ জিলাৰ এৰালীগুল এলেকাৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটিৰ নিৰ্মাণৰ কাম ৷ আধাৰশিলা স্থাপনৰ পাছত নিৰ্মাণৰ কাম 60 শতাংশ সম্পন্ন হোৱাৰ পিছত 2016 চনত ৰহস্যজনক ভাৱে ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম বন্ধ হৈ পৰে ৷

উল্লেখ্য যে তেতিয়াৰ জিলাধিপতি সঞ্জীৱ বৰগোঙাৰি আৰু সেই সময়ৰ মন্ত্ৰী ছিদ্দিক আহমেদে এৰালীগুল এলেকাত একে দিনাই দীনদয়াল উপাধ্যায় মহাবিদ্যালয় আৰু ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ সেই অনুসৰি একে সময়তে দুয়োটা প্ৰতিষ্ঠান নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ৷ ইয়াৰে দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত বিজ্ঞান শাখাত পাঠদান আৰম্ভ হ'ল যদিও চৰকাৰ পৰিবৰ্তন হোৱাৰ পিছত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰটিৰ কাম থমকি ৰ'ল ।

সাত বছৰতো নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিলকৰিমগঞ্জ জিলাৰ ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ

অঞ্চলটোত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন হ'লে পিছপৰা অঞ্চলটোৰ উন্নতি হ'ব বুলি আশা কৰিছিল স্থানীয় ৰাইজে ৷ নিৰাশ ৰাইজৰ এতিয়া এটাই দাবী অতি সোনকালে বাকী থকা নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি শীঘ্ৰে ব্যৱস্থা কৰিব লাগে পাঠদানৰ ৷

লগতে পঢ়ক: কৰিমগঞ্জত ৯০ লাখ টকাৰ নিচাযুক্ত টেবলেট সহ দুই সৰবৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.