ETV Bharat / state

বৰাকত উপস্থিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - অসম প্ৰদেশ যুৱ কংগ্ৰেছ

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক সচীন সাহুয়ে অভিযোগ কৰি কয় যে,ক’ভিড-19 প্ৰটক’ল কেৱল বিৰোধী দলক বাকৰূদ্ধ কৰাৰ কাৰণে চৰকাৰ তথা বিজেপিয়ে ব্যৱহাৰ কৰিছে।

CONGRESS STATEMENT REGARDING HIMANTA PROGRAMME  at karimganja
বৰাকত উপস্থিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By

Published : Sep 25, 2020, 5:04 PM IST

কৰিমগঞ্জ,25 ছেপ্তেম্বৰঃ দুদিনীয়া ভ্ৰমণসূচী হাতত লৈ শুকুৰবাৰে বৰাক উপত্যকাত উপস্থিত হয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । বিয়লিৰ ভাগত ৰাতাবাৰী সমষ্টিৰ ৰামকৃষ্ণনগৰ এলেকাত এটা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সমান্তৰালকৈ পাথাৰকান্দিত দলীয় কৰ্মীৰ লগত মত বিনিময় কৰিব বুলি জানিব পৰা গৈছে।

বৰাকত উপস্থিত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ইপিনে ড৹ হিমন্ত বিশ্ব শৰ্মা বৰাকত উপস্থিত হোৱাত কংগ্ৰেছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক সচীন সাহুয়ে অভিযোগ কৰি কয় যে,ক’ভিড-19 প্ৰটক’ল কেৱল বিৰোধী দলক বাকৰূদ্ধ কৰাৰ কাৰণে চৰকাৰে ব্যৱহাৰ কৰিছে। অথচ শাসকীয় দলে প্ৰতি দিনাই ক’ভিড-19ৰ প্ৰটক’লৰ নীতি নিয়ম অমান্য কৰি অহা দেখিৱলৈ পোৱা গৈছে । আনহাতে কৰিমগঞ্জ জিলাৰ বাবে পূৰ্বে দিয়া বিভিন্ন প্ৰকল্প আজিৰ তাৰিখত কি পৰ্যায়ত আছে বুলিও ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে সচীন সাহুয়ে । ইপিনে পথৰ দুৰৱস্থা ড৹ হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ নাপাই তাৰ বাবে পাথাৰকান্দি বাইপাছ সংলগ্ন এখন ধাবাত বিজেপিয়ে অনুষ্ঠান পাতিছে বুলিও বিষ্ফোৰক অভিযোগ কৰে কংগ্ৰেছে ।

লগতে পঢ়কঃ গোলাঘাটত ভাৰত বন্ধৰ আংশিক প্ৰভাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.