পাথাৰকান্দি, 6 ফেব্ৰুৱাৰী : শনিবাৰে পেট্ৰ'লজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত সমগ্ৰ অসমতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে কংগ্ৰেছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ লগত সংগতি ৰাখি পাথাৰকান্দিতো কংগ্ৰেছ কৰ্মী সকলে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি প্ৰতিবাদ সাব্যস্থ কৰে ৷
লোয়াইৰপোৱা আৰু পাথাৰকান্দি মণ্ডল কংগ্ৰেছৰ কৰ্মীসকলে পাথাৰকান্দিৰ পেট্ৰ'ল ডিপোৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, পেট্ৰ'লিয়াম মন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷