ETV Bharat / state

পাথাৰকান্দিৰ ৰাজপথত জ্বলিল কংগ্ৰেছী নেতাৰ বেনাৰ

কৰিমগঞ্জত কংগ্ৰেছ দলত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । পাথাৰকান্দিত কংগ্ৰেছৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কৰ্মীয়ে জ্বলাই দিলে ৰিপুণ বৰা, গৌৰৱ গগৈ, সুস্মিতা দেৱ, জিতেন্দ্ৰ সিং আদি কংগ্ৰেছ নেতাৰ বেনাৰ । বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ নেতাক টিকট প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে কৰ্মীসকল ।

পাথাৰকান্দিৰ ৰাজপথত জ্বলিল কংগ্ৰেছী নেতাৰ বেনাৰ
পাথাৰকান্দিৰ ৰাজপথত জ্বলিল কংগ্ৰেছী নেতাৰ বেনাৰ
author img

By

Published : Mar 13, 2021, 8:37 PM IST

কৰিমগঞ্জ,১৩ মাৰ্চ: প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্তক লৈ ক্ষোভিত হৈ পৰিছে কৰিমগঞ্জৰ পাথাৰকান্দিৰ কংগ্ৰেছৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কৰ্মীসকল । শনিবাৰে ক্ষুব্ধ কৰ্মীয়ে জ্বলাই দিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, সাংসদ গৌৰৱ গগৈ, কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱ, জিতেন্দ্ৰ সিঙৰ বেনাৰ । পাথাৰকান্দি মুণ্ডমালা চাৰিআলিত শনিবাৰে কংগ্ৰেছৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ কৰ্মীসকলে কংগ্ৰেছ নেতাসকলৰ প্ৰতিচ্ছবি সম্বলিত বেনাৰসমূহ ফালি-গচকি ক্ষোভ উজাৰে ।

উল্লেখ্য যে, মহাজোঁট গঠনৰ পিছৰে পৰা কংগ্ৰেছ-এআইইউডিএফৰ গৃহ কন্দলৰ অন্ত নপৰা হৈছে । তেওঁলোকে মনে বিচৰা প্ৰাৰ্থীক টিকট প্ৰদান নকৰাৰ বাবে দলৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে পাথাৰকান্দি সমষ্টিৰ কৰ্মীসকল । অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰতাপ সিনহাক প্ৰাৰ্থিত্ব প্ৰদান নকৰাত শনিবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছ কৰ্মীসকলে । উল্লেখ্য যে, বহু জল্পনা-কল্পনাৰ অন্তত বুধবাৰে নিশা কংগ্ৰেছে ঘোষণা কৰিছিল প্ৰাৰ্থী তালিকা ।

পাথাৰকান্দিৰ ৰাজপথত জ্বলিল কংগ্ৰেছ নেতাৰ বেনাৰ

মণিলাল গোৱালা, প্ৰতাপ সিনহাসহ আন কেইবাগৰাকীও প্ৰাৰ্থিত্ব প্ৰত্যাশীক বঞ্চিত কৰি কংগ্ৰেছৰ যুৱ নেতা শচীন চাহুক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল । ইয়াৰ পিছতে পাথাৰকান্দি সমষ্টিৰ কৰ্মীসকলৰ মাজত তীব্ৰ অসন্তুষ্টিয়ে দেখা দিয়ে । শনিবাৰে যেন ইয়াৰ বৰ্হিপ্ৰকাশ ঘটিল ।

লগতে পঢ়ক: খুমটাইত নির্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত মৃণাল শইকীয়া:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.