কৰিমগঞ্জ,21মে': কৰিমগঞ্জত দুই ফৈদৰ মাজত সংঘটিত ভয়ানক সংঘাত ৷ সংঘাতৰ ফলত মৃত্যুক সাৱটি ল'ব লগা হ'ল তাজুল ইছলাম নামৰ এজন যুৱকে ৷ ইয়াৰ লগতে লাইফ ছাপ'ৰ্টত ৰাখিব লগা হৈছে ছাজ্জাদুৰ ৰহমান নামৰ আন এজন লোকক ৷ ঘটনাৰ বিৱৰণ অনুসৰি, যোৱা দেওবাৰে কৰিমগঞ্জৰ নিলামবজাৰৰ চামালা গাঁওত এটা পথৰ মালিকানাক কেন্দ্ৰ কৰি সংঘটিত হৈছিল ভয়ংকৰ কাজিয়াৰ ৷ যাৰ ফলত দুই ফৈদৰ 12জনকৈ লোক আহত হৈছিল ৷ আহত সকলৰ ভিতৰত তাজুল ইছলাম আৰু ছাজ্জাদুৰ ৰহমানৰ অৱস্থা অতি সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে দুয়োজনকে গুৱাহাটীৰ হায়াত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও হাস্পতালত মৃত্যুক সাৱটি ল'ব লগা হয় তাজুল ইছলাম নামৰ যুৱকজনে ৷
ইপিনে এই ভয়ংকৰ কাজিয়াৰ পিছত আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছিল যদিও নিলামবজাৰ আৰক্ষীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাছিল বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ কিন্তু এজনৰ মৃত্যু হোৱাৰ পিছতহে আৰক্ষীয়ে সাৰ পোৱা বুলি মন্তব্য স্থানীয় একাংশৰ ৷ ইয়াৰ লগতে সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানেও এই ঘটনাক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷