ETV Bharat / state

কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল, দুৰ্নীতিৰ অভিযোগ

আজিজ আহমেদ খানৰ পৰিয়ালৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ ৷ বিধায়কৰ পৰিয়ালৰ মতে এই মাটি তেখেতৰ নিজৰ । আনহাতে, জে এন্ড জে নামৰ এটা নিৰ্মানকাৰী কোম্পানীৰ বিৰুদ্ধে নিম্নমানৰ কাম কৰাৰ অভিযোগ ৷ নিৰ্মাণকাৰ্য পৰিদৰ্শন গড়কাপ্তানি বিভাগৰ অভিযন্তাৰ ৷

কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল - দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jul 20, 2019, 5:04 PM IST

দক্ষিণ কৰিমগঞ্জ, 20 জুলাই : দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ পৰিয়ালৰ বিৰুদ্ধে চৰকাৰী মাটি বেদখল কৰাৰ অভিযোগ ৷ চৰকাৰী মাটিত ড্ৰেইন আৰু দেৱাল নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ এই ক্ষেত্ৰত বাধা প্ৰদান কৰিলে বিধায়কৰ পৰিয়ালৰ ভাবুকিৰ সন্মুখীন হ’ব লগীয়া হোৱা বুলিও উল্লেখ কৰে একাংশ স্থানীয় লোকে । আনহাতে, বিধায়কৰ পৰিয়ালৰ মতে এই মাটি তেখেতৰ নিজৰ । এই ঘটনাক কেন্দ্ৰ কৰিয়েই দীৰ্ঘদিন ধৰি বিধায়ক আৰু ৰাইজৰ মাজত অব্যাহত আছে সংঘাত ৷

কৰিমগঞ্জত বিধায়ক - ঠিকাদাৰৰ বিৰুদ্ধে বেদখল - দুৰ্নীতিৰ অভিযোগ

আনহাতে, সমষ্টিটোৰ অন্তৰ্গত নিলামবজাৰ কেউটকোনা পথ নিৰ্মাণত বিয়াগোম বিসংগতি সংঘটিত হোৱাৰ অভিযোগ । জে এন্ড জে নামৰ এটা নিৰ্মানকাৰী কোম্পানীয়ে নিম্নমানৰ সামগ্ৰীৰে পথটোৰ নিৰ্মাণৰ কাম কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ আজি পথটোৰ নিৰ্মাণকাৰ্যৰ মানদণ্ড পৰিদৰ্শন কৰিবলৈ আহিল কৰিমগঞ্জৰ গড়কাপ্তানি বিভাগৰ অভিযন্তা ছামেদ আলী । ৰাইজে অভিযন্তাৰ সম্মুখতে ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷

Intro:Body:SLUG : GOVT LAND ILLIGAL OCCUPIED BY MLA.

চৰকাৰী মাটি বেদখল কৰি ড্ৰেইন তথা দেওৱাল নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক আজিজ আহমেদ খানৰ পৰিয়ালৰ বিৰুদ্ধে । স্থানীয় ৰাইজৰ বাধা আপত্তি আওকাণ কৰি গঢ়কাপ্তানি বিভাগৰ মাটি বেদখল কৰিছে বিধায়ক আজিজ আহমেদ খানৰ পৰিয়ালৰ লোক সকলে । এই ক্ষেত্ৰত বাধা প্ৰদান কৰিলে বিধায়ক পৰিয়ালৰ ভাবুকিৰ সম্মুখীন হব লগিয়া হৈছে একাংশ স্থানীয় লোক । নিলামবজাৰ এলেকাৰ বৈৰাগীচক গাঁওৰ গঢ়কাপ্তানি পথৰ একাংশ পকী দেওৱাল নিৰ্মাণৰে চৰকাৰী মাটি বেদখলৰ অভিযোগ উঠিছে বিধায়কৰ পৰিয়ালৰ বিৰুদ্ধে । মাজত এদিন স্থানীয় ৰাইজ আৰু বিধায়কৰ ভাতৃ সকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'লে আৰক্ষীৰ উপস্থিতত পৰিস্থিতি নিয়ন্ত্ৰনলৈ আহে । ইপিনে স্থানীয় ৰাইজৰ দাবী মতে চৰকাৰী মাটি চিহ্নিত কৰি বিধায়ক পৰিয়ালে এৰিব লাগিব বেদখল কৰা মাটি । আনহাতে বিধায়ক পৰিয়ালৰ মতে এই মাটি তেখেতৰ নিজৰ । যদি চৰকাৰী মাটি বুলি প্ৰমাণ দিব পাৰে কোনোবাই তেন্তে তেওঁলোকে দুমহলীয়া ভৱনা ভাঙি দিবলৈও তেওঁলোক প্ৰস্তুত । মোট কথাত এই ঘটনাক কেন্দ্ৰ কৰি বিগত কিছুদিন ধৰি বৈৰাগীচক গাঁওত এক চেপা উত্তেজনা বিৰাজ কৰিছে ।

Date : 20.07.19 আমিরুল আলম সিদ্দেকী দক্ষিণ কৰিমগঞ্জ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.