ETV Bharat / state

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা - বাংলাদেশ

চৰকাৰী কৰ ফাঁকি দি একাংশ কাষ্ট'ম বিষয়াৰ মিতিৰালিৰে প্ৰতিদিনেই কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে শ শ কয়লা ভৰ্তি ট্ৰাক । আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ পঠিওৱা হৈছে মেঘালয়ৰ কয়লা ।

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা
author img

By

Published : Apr 6, 2019, 11:11 AM IST

কৰিমগঞ্জ,6 এপ্ৰিল : বৰাকজুৰি অব্যাহত আছে কয়লাৰ ক'লা ছিণ্ডিকেট । কাছাৰত কয়লা ছিণ্ডিকেট অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলিছে ক'লা হীৰাৰ আন এক ছিণ্ডিকেট । প্ৰতি নিশাই মেঘালয় সীমান্ত অতিক্ৰম কৰি মালিডহৰ হৈ কৰিমগঞ্জত প্ৰৱেশ কৰে শ শ কয়লা কঢ়িওৱা ট্ৰাক ।

চৰকাৰী কৰ ফাঁকি দি একাংশ কাষ্ট'ম বিষয়াৰ মিতিৰালিৰে প্ৰতিদিনেই কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে শ শ ভৰ্তি ট্ৰাক । আনকি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি সীমান্ত অতিক্ৰম কৰি বাংলাদেশলৈ পঠিওৱা হৈছে মেঘালয়ৰ কয়লা ।

কৰিমগঞ্জত কয়লাৰ অবৈধ বেহা

আনহাতে, কৰিমগঞ্জ আৰু কাছাৰৰ বিজেপিৰ একাংশ নেতাৰ জৰিয়তে এই সমগ্ৰ ছিণ্ডিকেট দিছপুৰৰ পৰা চলি থকাৰ অভিযোগ উত্থাপন কৰে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । কেৱল এয়াই নহয়, সাহস থাকিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই ক্ষেত্ৰত চি বি আই তদন্ত কৰি দেখুৱাবৰ বাবেও হুংকাৰ দিয়ে বিধায়কগৰাকীয়ে ৷

Intro:কয়লাৰ অবৈধ বেহা কৰিমগঞ্জতBody:Slug: Coal Syndicate at Karimganj. 

বৰাক জুৰি অব্যাহত আছে কয়লাৰ ক'লা ছিন্ডিকেট । প্ৰতি নিশাই শ শ কয়লা কঢ়িওৱা ট্ৰাক মেঘালয় সীমান্ত অতিক্ৰম কৰি মালিডহৰ হৈ প্ৰৱেশ কৰে কৰিমগঞ্জ জিলাত । কাছাৰত কয়লা ছিন্ডিকেট অব্যাহত থকাৰ সমান্তৰালকৈ কৰিমগঞ্জতো চলিছে ক'লা হীৰাৰ আন এক ছিন্ডিকেট । আৰু এয়া হল চৰকাৰী কৰ ফাঁকি দি একাংশ কাষ্ট'ম বিষয়াৰ মিতিৰালিৰে প্ৰতিদিনেই কৰিমগঞ্জৰ সুতাৰকান্দি সীমান্তৰে বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে শ শ ট্ৰাক কয়লা । আনকি ছুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাকো ভৰিৰে মোহাৰি মেঘালয়ৰ কয়লা একেলগে  সীমান্ত অতিক্রম  কৰোৱা হৈছে  । আৰু সাংবাদিকৰ কেমেৰা ত ধৰা পৰিল  সুতাৰকান্দি ট্ৰেড চেন্টাৰত চলি থকা সকলো খেলিমেলিৰ দৃশ্য  । বাংলাদেশলৈ ৰপ্তানি কৰাৰ পূৰ্বে প্ৰতিখন কয়লা কঢ়িওৱা ট্ৰাক জুখিবৰ নিয়ম আছে । সাংবাদিকৰ উপস্থিতিৰ পূৰ্বে কাষ্ট'ম বিভাগে যথাৰিতী পালন কৰি আহিছিল সেই নিয়ম । অথচ সাংবাদিকৰ উপস্থিতিৰ পিছত দেখা গল ইয়াৰ সম্পূৰ্ণ বিপৰীত দৃশ্য । জুখিবৰ কাৰনে সাৰিবদ্ধ ভাবে ৰখাই থোৱা গাড়ী সমুহ ওভতাই পঠিওৱা হল । আৰু যিমান দেৰি সাংবাদ মাধ্যমৰ কেমেৰা চলিল । ইমান দেৰি সকলো কাম-কাজ বন্ধ ৰাখিলে কাষ্ট'ম বিভাগে । আনহাতে এই সমগ্ৰ ছিন্ডিকেট কৰিমগঞ্জ আৰু কাছাৰ বিজেপিৰ একাংশ নেতাৰ জৰিয়তে দিসপুৰৰ পৰা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই । পুৰকায়স্থৰ হুংকাৰ, যদি সাহস আছে তেন্তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সনোয়ালে এই ক্ষেত্ৰত চিবিআই তদন্ত কৰি দেখুৱাই দিয়ক .........

Date : 06.04.19 Conclusion:হাইলাকান্দিৰ বিধায়ক আনওয়াৰ হোসেন আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ অনা এই বিস্ফোৰক অভিযোগৰ পিছত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা লয় এয়া হৱ লক্ষ্যণীয়
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.