ETV Bharat / state

কৰিমগঞ্জত দুই ফৈদৰ মাজত সংঘাত: আহত 20 জনৰো অধিক

কৰিমগঞ্জ চহৰৰ নিলগত থকা কানিশাইল এলাকাত আছে চান্দপুৰ পুৰণা জামে মছজিদ । মছজিদটো লৈ দুটা পক্ষৰ মাজত বিবাদ চলি আছিল কেইবাদিন ধৰি । এটা পক্ষৰ মতে মছজিদটোৰ পৰা উলোৱা নলাৰ লেতেৰা পানী তেওঁলোকৰ পুখুৰীত পৰে  ।

ETV BHARAT
author img

By

Published : Jun 20, 2019, 10:20 PM IST

Updated : Jun 20, 2019, 11:55 PM IST

কৰিমগঞ্জ,20 জুন : মছজিদক কেন্দ্ৰ কৰি দুটা ফৈদৰ সংঘাতত ৰক্তাক্ত হৈ পৰিল কৰিমগঞ্জৰ কানিশাইল এলাকা । 20 জনৰো অধিক লোক আহত ।

কৰিমগঞ্জত দুই ফৈদৰ মাজত সংঘাত

কৰিমগঞ্জ চহৰৰ নিলগত থকা কানিশাইল এলাকাত আছে চান্দপুৰ পুৰণা জামে মছজিদ । মছজিদটো লৈ দুটা পক্ষৰ মাজত বিবাদ চলি আছিল কেইবাদিন ধৰি । এটা পক্ষৰ মতে মছজিদটোৰ পৰা উলোৱা নলাৰ লেতেৰা পানী তেওঁলোকৰ পুখুৰীত পৰে । ইয়াৰ বাবে তেওঁলোকে নলাটো বন্ধ কৰাৰ ব্যবস্থা কৰাৰ সময়তেই প্ৰতিবেশী বিলাল উদ্দিন, নজৰুল ইছলাম, কমৰুল ইছলাম, ৰেজাল উদ্দিন দহ বাৰো জন লোকে মছজিদৰ পৰা আহি আক্ৰমণ চলায় ফয়িদ উদ্দিন আৰু তেওঁৰ পৰিয়ালক । আনফালে আনটো পক্ষৰ লোকে জনায়, ফয়িদ উদ্দিন সহ আন কেইজনে মিলি মছজিদটো ভাঙি পেলাবলৈ চেষ্টা কৰোঁতে তেওঁলোকক প্ৰতিহত কৰে । ইয়াতে ফয়িদ উদ্দিন, অহিদ উদ্দিন, ছৈদ সহ 10-15 জন লোকে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় । অৱশ্যে এতিয়ালৈকে পোহৰলৈ অহা নাই ঘটনাটোৰ প্ৰকৃত সত্য ৷

সংঘৰ্ষত মহিলা সহ কেইবাজনো লোক আহত হৈছে । আহতসকলক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Intro:Body:SLUG: TWO PARTY CLASH FOR MASJID, KARIMGANJ
এটা মসজিদক কেন্দ্ৰ কৰি দুটা ফৈদৰ সংঘাতত ৰক্তাক্ত হৈ উঠিল কৰিমগঞ্জৰ কানিশাইল এলাকা । প্ৰবল আক্ৰমন প্ৰত্যাক্ৰমনত ২০জনৰো অধিক লোক আহত হৈ কৰিমগঞ্জ আসমৰিক চিকিত্সালয় ভৰ্তি হৈছে । এটা গোটৰ মতে, মসজিদৰ পৰা ওলুৱা নলাৰ পানী তেওঁলোকৰ ফিচাৰিত গৈ পড়ে, যাৰ বাৱে এয়া বন্ধ কৰিবলৈ চেষ্ঠা কৰিছিল । আনটো গোটৰ মতে বিপক্ষয় কানিশাইলৰ মেডলত থকা মসজিদটো ভাঙি পেৱাব গলে তেওঁলোকক প্ৰতিহত কৰে ।
এয়া কৰিমগঞ্জ চহৰৰ নিলগত থকা কানিশাইল এলাকাত চান্দপুৰ ওল্ড জামে মসজিদ । মসজিদটো লৈ দুটা পক্ষৰ মাজত বিবাদ চলি আছিল কেইদিন ধৰি । এটা পক্ষৰ মতে মসজিদটোৰ পৰা ওলুৱা এয়া নলাৰ লেতেৰা পানী তেওঁলোকৰ ফিচাৰিত গৈ পড়ে । ইয়াৰ বাৱে নলাটো বন্ধ কৰাৰ ব্যবস্থা কৰিছিল তেওঁলোকে । সেই সময়তেই প্ৰতিবেশি বিলাল উদ্দিন, নজৰুল ইছলাম, কমৰুল ইছলাম, ৰেজাল উদ্দিন দহ বাৰো জন লোকে মসজিদৰ পৰা আহি আক্ৰমন চলায় ফয়িদ উদ্দিন আৰু তেওঁৰ পৰিৱালক । আনফালে আনটো পক্ষৰ লোকে জনায়, ফয়িদ উদ্দিন সহ আন কেইজনে মিলি মসজিদটো ভাঙি পেলাবলৈ চেষ্ঠা কৰিলে তেওঁলোকক প্ৰতিহত কৰে । ইয়াতে ফয়িদ উদ্দিন, অহিদ উদ্দিন, ছৈদ সহ ১০-১৫ জন লোকে তেওঁলোকৰ উপৰত আক্ৰমন চলায় । গতিকে কোন সঁচা কোন মিচা এয়া কোৱা টান হৈ পড়িছে । ঘটনা যিয়ে হোক নে কিয়, এই ভাতৃঘাতি সংঘৰ্ষত মহিলা সহ আহত হৈছে কেইবাজনো লোক । সকলোৰে চিকিত্সা চলি আছে কৰিমগঞ্জ আসমৰিক চিকিত্সালয় । সংঘৰ্ষত দু-এজনৰ অবস্থা সংকটজনক আছে ।Conclusion:
Last Updated : Jun 20, 2019, 11:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.