ETV Bharat / state

বৰাক উপত্যকাত চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

author img

By

Published : Sep 11, 2019, 10:39 PM IST

আদৰকোনা প্ৰাথমিক চিকিৎসালয়ৰ খেলপথাৰত (ৰত্নধ্বজ পাল ক্ষেত্ৰত) অনুষ্ঠিত হৈছে চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ সভাত উপস্থিত থাকি চুতীয়া ছাত্ৰ সন্থাৰ অধিবেশন থলীৰ পৰাই বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়,সম উন্নয়নৰ যাত্ৰা আৰম্ভ হ'ব বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷

বৰাক উপত্যকাত চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

কৰিমগঞ্জ, 11 চেপ্তেম্বৰঃ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৯ চেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ একমাত্ৰ অসমীয়া গাঁও আদাৰকোনাত অনুষ্ঠিত হৈছে। আদৰকোনা প্ৰাথমিক চিকিৎসালয়ৰ খেলপথাৰত (ৰত্নধ্বজ পাল ক্ষেত্ৰত) অনুষ্ঠিত হৈছে এই অনুষ্ঠান । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু শোভাযাত্ৰা উলিওৱা হয়। মূলত বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত বিভেদ আতৰাই একতাৰ এনাজৰীডাল মজবুত কৰাৰ উদ্দেশ্যে চুতীয়া ছাত্ৰ সন্থাই কৰিমগঞ্জত অনুষ্ঠিত কৰিছে এই অধিবেশন । ৰাজ্যৰ ১৯ টা জাতি জনগোষ্ঠীৰ কৃষ্টি,সংস্কৃতি ৰাজ্যবাসীৰ মাজত পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে জনগোষ্ঠীয় সমাৰোহৰ ও আয়োজন কৰিছে বুলি জানিবলৈ দিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই । প্ৰতিষ্ঠা দিৱসত ৰাজ্য কৃষি মন্ত্ৰী অতুল বৰা,পৰিমল শুক্লবৈদ্য,অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ধৰি,২০ টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে সাংবাদিক,সাহিত্যিকে অংশ গ্ৰহণ কৰে । সভাত উপস্থিত থাকি কৃষি মন্ত্ৰী অতুল বৰাই চুতীয়া ছাত্ৰ সন্থাৰ অধিবেশন থলীৰ পৰাই বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয়,সম উন্নয়নৰ যাত্ৰা আৰম্ভ হ'ব বুলি মন্তব্য কৰে ।

বৰাক উপত্যকাত চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

উল্লেখ্য যে মানৰ আক্ৰমণত অতিষ্ঠ হৈ চুতীয়া লোকসকলে এসময়ত বৰাক উপত্যকাত আহি থিতাপি লৈছিলহি । বৰাকত ২২ খনকৈ অসমীয়া তথা চুতীয়া জনগোষ্ঠীয় লোকৰ গাঁও আছে। এই গাঁওসমূহ এতিয়াও বহু পিছপৰি আছে। বৰ্তমান চৰকাৰে ইয়াৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই । সভাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে স্মৃতি গ্ৰন্থ"আদৰকোনা "উন্মোচন কৰে । অনুষ্ঠানত ৩০টা জনজাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ৷

Intro:Body:*SLUG:- CHUTIYA STUDENT UNION PROGRAME, KARIMGANJ*
সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ চতুৰ্দশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৯ছেপ্টেম্বৰৰ পৰা তিনিদিনীয়া কাৰযসুচীৰে বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ একমাত্ৰ অসমীয়া গাঁৱ আদাৰকোনাত অনুষ্ঠিত হৈছে। আদৰকোনা প্ৰাথমিক চিকিৎসালয়ৰ খেলপথাৰত (ৰত্নধ্বজ পাল ক্ষেত্ৰত) অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ লগত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আৰু শোভাযাত্ৰা অনুষ্ঠিত হয়। মুলত বৰাক ব্ৰক্ষ্মপুত্ৰৰ মাজত বিভেদ মুচন কৰি একতাৰ এনাজড়িডাল মজবুত কৰাৰ বাবে চুতীয়া ছাত্ৰ সংস্থায় কৰিমগঞ্জ জিলাৰ এই ঠাই বাছি লৈছিল। ৰাজ্যখনৰ ভিতৰত পিছপৰা এই অঞ্চলৰ যাতায়তৰ লগতে শিক্ষা, স্বাস্থ্য,বিদূৎ, খোৱা পানী, ইত্যাদিৰ সমস্যা যাতে ৰাজ্য চৰকাৰৰ আগত তুলি ধৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব এই অধিৱেশনৰ জৰিয়তে। লগতে ৰাজ্যৰ ১৯ টা জাতি জনগোষ্ঠীৰ কৃষ্টি, সংস্কৃতিৰ ৰাজ্য বাসীৰ মাজত পৰিচয় কৰাই দিব পাৰে তাৰ বাবে জনগোষ্ঠীয় সমাৰোহৰ ও আয়োজন কৰিছে। এই সমাৰোহৰ যোগেদি বৰাক ব্ৰক্ষ্মপুত্ৰৰ মানুহৰ মাজত একতাৰ এনাজড়িডাল মজবুত কৰাৰ লগতে সমন্বয় আৰু ভাতৃত্ববোধ গঢ়ি উঠে তাৰ বাবে সংগঠনটোৱে প্ৰয়াশ চলাই আহিছে বুলি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই এই কথা জানিবলৈ দিয়ে। প্ৰতিষ্ঠা দিৱসত ৰাজ্য কৃষি মন্ত্ৰী অতুল বৰা, পৰিমল শুক্লবৈদ্য, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী ধৰি ,২০ টাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে সাংবাদিক, সাহিত্যিকে অংশ গ্ৰহণ কৰে।আজিৰ এই শোভাযাত্ৰাৰ যোগেদি পুনৰ জনজাতীয় কৰণৰ দাবী উত্থাপন কৰিছে। শোভাযাত্ৰাৰ অন্তত মুল অধীবেশন আৰম্ভ হয়।সভাত কৃষি মন্ত্ৰী অতুল বৰাই চুতীয়া ছাত্ৰ সন্থাৰ অধীবেশন থলিৰ পৰাই বৰাক ব্ৰক্ষ্মপুত্ৰৰ সমন্নয়,সম উন্নয়নৰ, যাত্ৰা আৰম্ভ হ'ব বুলি। ৰাজ্যখনৰ ভিতৰত আটাইতকৈ পিছপৰা জনজাতীয় হ'ল চুতীয়া জাতী এই জাতীৰ দাবী সমুহ যুক্তীপূৰ্ণ।বৰাকত ১৫জন বিধায়ক আছে সেই সকল সৰু সৰু ৰজা হৈ আছে। যদিও প্ৰকৃততে কোনো উন্নয়ন হোৱা নাই। মুখ্য মন্ত্ৰীৰ সপোন আছিল পাহাৰ ভৈয়াম, বৰাক- ব্ৰহ্মপুত্ৰ সম মৰ্যদা,সম উন্নয়ন কৰা। আৰু আজিৰ এই অধিৱেশন স্থলীৰ পৰাই এই জয় যাত্ৰা আৰম্ভ হৈছে। মানৰ আক্ৰমণত অতিষ্ঠ হৈ চুতীয়া লোক সকলে এসময়ত বৰাক উপত্যকাত আহি থিতাপি লৈছিল। বৰাকত ২২ খনকৈ অসমীয়া তথা চুতীয়া জাতীৰ লোকৰ গাওঁ আছে। এই গাওখিনি সচাকৈ পিছপৰি আছে। বৰ্তমান চৰকাৰে ইয়াৰ উন্নয়নৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বন আৰু পৰিবেশ,ও আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য কয়।সভাত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে স্মৃতি গ্ৰন্থ"আদৰকোনা " উন্মোচন কৰে। আজিৰ অনুষ্ঠানত ৩০টা জনজাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি অধীবেশন স্থলিক মহামিলন ক্ষেত্ৰলৈ পৰিনত কৰিলে। বৰাকৰ এই অঞ্চলৰ পৰাই মৈত্ৰীৰ বাৰ্তা পঠিয়ালে চুতীয়া ছাত্ৰ সন্থাৰ এই অধিৱেশনে।
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.