ETV Bharat / state

Drugs seized in Karimganj:চুৰাইবাৰীত জব্দ ৩ কোটি টকাৰ ফেন্সিডাইল

author img

By

Published : Aug 2, 2023, 8:40 PM IST

চুৰাইবাৰী নাকা পইণ্টত ফেন্সিডাইল জব্দ । পৰিত্যক্ত ট্ৰাকৰ পৰা উদ্ধাৰ ৩১,৬৮০ বটল ফেন্সিডাইল । এই ঘটনাৰে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

Drugs seized in Assam
চুৰাইবাৰী নাকা পইণ্টত ফেন্সিডাইল জব্দ
চুৰাইবাৰী নাকা পইণ্টত ফেন্সিডাইল জব্দ

কৰিমগঞ্জ, ২ আগষ্ট: ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান ৷ বিগত সময়ছোৱাত ৰাজ্যখনত আৰক্ষী প্ৰশাসন তথা অভিযানকাৰী দলে অভিযান চলাই ড্ৰাগছ তথা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ পিচতো প্ৰতিৰোধ কৰিব পৰা নাই ড্ৰাগছৰ বেহা ৷ কৰিমগঞ্জ আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত জিলাখনত ইতিমধ্য়ে আটক হৈছে কেইবাটাও সৰবৰাহকাৰী । ইয়াৰ মাজতেই এইবাৰ চুৰাইবাৰী নাকা পইণ্টত ৩ কোটি টকাৰ ফেন্সিডাইল জব্দ কৰা হৈছে ।

চাউলভৰ্তি পৰিত্যক্ত ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হৈছে ১০৫ টা কাৰ্টনত থকা ৩১,৬৮০ বটল ফেন্সিডাইল । চুৰাইবাৰী আৰক্ষীয়ে ত্ৰিপুৰালৈ যোৱাৰ পথত অসম-ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথ ৮ৰ পৰা বৃহৎ পৰিমাণৰ ফেন্সিডাইলখিনি জব্দ কৰে ।কৰিমগঞ্জ জিলাৰ বজাৰিচা থানাৰ অন্তৰ্গত অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰী আৰক্ষীয়ে কোৰিয়ান ছাৰ্ভিচ কোম্পানী এটাৰ অনলাইন সামগ্ৰী কঢ়িয়াই অনা এখন ট্ৰাক আৰু সামগ্ৰী ভৰ্তি ট্ৰাক এখনৰ পৰা ৩ কোটি টকা মূল্যৰ ড্ৰাগছখিনি জব্দ কৰে ।

বুধবাৰে চুৰাইবাৰী আৰক্ষীৰ নকা চেক পইণ্টৰ গেটৰ কাষত পথত এখন ৬ চকীয়া চাউলভৰ্তি পৰিত্যক্ত ট্ৰাক দেখা পাই আৰক্ষীৰ সন্দেহ ওপজে । পিছত গেটৰ দায়িত্বত থকা প্ৰণৱ মিলিয়ে এটা দলৰ সৈতে ট্ৰাকখনত তালাচী চলায় । এই তালাচীৰ সময়ত ট্ৰাকখনৰ পৰা ১০৫টা কাৰ্টনত থকা ৩১, ৬৮০টা ফেন্সিডাইলৰ বটল উদ্ধাৰ কৰা হয় । এই ফেন্সিডাইলখিনিৰ বজাৰ মূল্য হ'ব প্ৰায় ৩ কোটি টকা । অৱশ্যে ইয়াৰ সৈতে জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰী আৰক্ষীয়ে ।

মন কৰিবলগীয়া যে ৰাষ্ট্ৰীয় ঘাইপথেৰে সময়ে সময়ে গুৱাহাটীৰ পৰা ত্ৰিপুৰালৈ ড্ৰাগছ সৰবৰাহ কোনো নতুন ঘটনা নহয় । যদিও নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰী প্ৰায়ে আৰক্ষীৰ হাতত ধৰা পৰে তথাপি প্ৰশাসনে এই ব্যৱসায়ত নিয়ন্ত্ৰণ ৰাখিব পৰা নাই । ড্ৰাগছ সৰবৰাহৰ লগত জড়িত লোকসকল আৰক্ষীৰ জালত পৰিলেও সৰবৰাহ এতিয়াও চলি আছে নতুন নতুন কৌশলেৰে ।

লগতে পঢ়ক:Ban on tobacco products: শিক্ষানুষ্ঠানৰ সমীপত ধঁপাতজাতীয় সামগ্ৰীত নিষেধাজ্ঞা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.