কৰিমগঞ্জ, 11 নৱেম্বৰঃ ত্ৰিপুৰাৰ মালিকছড়া অঞ্চলত একাংশ অসাধু লোকে গোপনে বহু বিঘা ভূমিত কৰা অবৈধ ভাং খেতিৰ কথা পোহৰলৈ অহাৰ পিচত মঙলবাৰে স্থানীয় প্ৰশাসনে উচ্ছেদ চলাই ৷ আৰক্ষীয়ে এক গোপন সূত্ৰৰ জড়িয়তে লাভ কৰা খবৰৰ ভিত্তিত মানিকছড়া অঞ্চলত অবৈধ ভাং খেতিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই কেবাবিঘা মাটিত কৰা অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় ৷

মানিকছড়া আৰক্ষীৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সকলোৱে।অৱশ্যে এই ঘটনাত কোনো লোককে আটক কৰিবলৈ সক্ষম নহ'ল মানিকছড়া আৰক্ষী ৷ আৰক্ষী যোৱাৰ পূৰ্বেই ভাং খেতি কৰা লোক সকলে পলায়ন কৰে ৷ পিচত আৰক্ষীৰ দলে ভাঙৰ গছ সমূহ কাটি পেলোৱাৰ লগতে জুই জ্বলাই নষ্ট কৰে ৷

লগতে চাওকঃ বিহাৰ নিৰ্বাচনৰ ফলাফলঃ টুইট যোগে ৰাইজক ধন্যবাদ প্ৰধানমন্ত্ৰী মোদীৰ