ETV Bharat / state

Burmese supari syndicate: শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন - Burmese supari syndicate

শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন (Barmese supari syndicate kingpin arrested) মুছা আহমেদ ছিদ্দিকি ৷ শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিনটোক ৷ দীৰ্ঘদিনৰ পৰা পলাতক হৈ আছিল ধৃত মুছা আহমেদ ছিদ্দিকি ৷ দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা চলাই অহাৰ অভিযোগ মুছা আহমেদৰ বিৰুদ্ধে ৷

Burmese sugarcane syndicate kingpin arrested in Silchar
শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন
author img

By

Published : Oct 15, 2022, 10:33 PM IST

কৰিমগঞ্জ, 15 অক্টোবৰ: চৰকাৰ গঠন কৰিয়েই অবৈধ ব্যৱসায়, ছিণ্ডিকেট বন্ধ কৰি সংস্কাৰ সাধনৰ কথা কৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু ৰাজ্যত প্ৰকৃততে ছিণ্ডিকেট বন্ধ হৈছে নে ? কিয়নো ৰাজ্যৰ চুকে-কোণে এতিয়াও অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ অবৈধ ব্যৱসায় (Barmese Supari) ৷

শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন

শেহতীয়াকৈ, শিলচৰত গ্ৰেপ্তাৰ বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন (Burmese supari syndicate kingpin arrested in Silchar) মুছা আহমেদ ছিদ্দিকি ৷ শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰৰ পৰা কাছাৰ আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিংটোক ৷ দীৰ্ঘদিনৰ পৰা পলাতক হৈ আছিল ধৃত মুছা আহমেদ ছিদ্দিকি ৷ দীৰ্ঘদিনৰ পৰা বৰাক উপত্যকাসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ অবৈধ বেহা চলাই আহিছিল ধৃত মুছা আহমেদে ৷

উল্লেখ্য যে, চুপাৰি মাফিয়াৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈ থকা গোচৰৰ মুখ্য অভিযুক্ত আছিল মুছা আহমেদ ছিদ্দিকি ৷ লগতে কাছাৰৰ ধলাই আৰক্ষী চকীতো গোচৰ ৰুজু আছে মুছা আহমেদৰ বিৰুদ্ধে ৷ ধৃত মুছা আহমেদ ছিদ্দিকিৰ ঘৰ কৰিমগঞ্জত বুলি জানিব পৰা গৈছে (Burmese supari syndicate) ৷

আজি সংবাদ মাধ্যম যোগে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তোই জনোৱা মতে মিজোৰামৰ বহু ৰাজনৈতিক নেতাৰ আশীৰ্বাদত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বাৰ্মিজ চুপাৰিৰ ছিণ্ডিকেট চলাই আহিছিল মুছা আহমেদ ছিদ্দিকিয়ে ৷

উল্লেখ্য যে, বিমানযোগে বহিঃৰাজ্যলৈ পলাই যোৱাৰ পৰিকল্পনা কৰি আছিল ধৃত মুছা আহমেদ ৷ কিন্তু পৰিকল্পনাত সফল হ’ব নোৱাৰিলে ধৃত মুছা ৷ শুকুৰবাৰে বিমানযোগে বহিঃৰাজ্যলৈ পলাই যোৱাৰ বাবে শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈছিল মুছা ৷ সেই সময়তে কাছাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত শিলচৰ কুম্ভিৰগ্ৰাম বিমানবন্দৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বাৰ্মিজ চুপাৰি ছিণ্ডিকেটৰ কিংপিন মুছা আহমেদক ৷

সম্প্ৰতি মুছাক আদালত হাজিৰ কৰাই চাৰি দিনৰ বাবে জিম্মাত লৈছে কাছাৰ আৰক্ষীয়ে ৷ ইফালে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: BARMIS SUPARI : চূড়াইবাৰীত জব্দ বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাক; আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.