কৰিমগঞ্জ, 07 নৱেম্বৰঃ ত্ৰিপুৰাত ব্ৰু শৰণাৰ্থীৰ প্ৰতিবাদ প্ৰত্যাহাৰ ৷ বিগত 7 দিনে ত্ৰিপুৰাৰ কাঞ্চনপুৰৰ ব্ৰু শৰণাৰ্থী শিবিৰত সৃষ্টি হোৱা হাহাকাৰৰ পাচত প্ৰতিবাদৰ ওচৰত সেঁও মানি পুনৰ ৰেচন যোগান দিবলৈ বাধ্য হ'ল ত্ৰিপুৰা চৰকাৰৰ লগতে কেন্দ্ৰ আৰু মিজোৰাম চৰকাৰ ৷ বৃহস্পতিবাৰে ৰাজ্য খনৰ উপ মুখ্যমন্ত্ৰী যিষ্ণু দেৱবৰ্মাৰ লগতে কেইবাগৰাকী মন্ত্ৰী আৰু সাংসদে শৰণাৰ্থী শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ লগতে উপমুখ্যমন্ত্ৰী গৰাকীয়ে শৰণাৰ্থী প্ৰতিবাদকাৰী সকলৰ লগত আলোচনা কৰি পুনৰ ৰেচন যোগান ধৰিবলৈ জিলা প্ৰশাসনক প্ৰদান কৰে নিৰ্দেশ ৷ ইয়াৰ পাচতেই শুকুৰবাৰৰ পৰা পুনৰ যোগান ধৰা হ'ব ৰেচন ৷
কি হৈছে ব্ৰু সকলৰ লগত
শুনি আচৰিত লাগিলেও সত্য যে, ৰেচন বন্ধ কৰি দিয়াৰ ফলত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত খাবলৈ নাপাই মৃত্যু হ'ল 4 টাকৈ শিশুৰ আৰু দুজনকৈ বৃদ্ধৰ ৷ খাদ্যৰ সংকটত শুকাই গৈছিল প্ৰসুতি মাতৃৰ বুকু, মাতৃৰ গাখীৰ খাবলৈ নাপাই পিয়াহত থাকিব লগা হৈছিল নৱজাতক , মৃত্যু হৈছিল প্ৰসুতি মাতৃৰ পৰা ৪ মহীয়া কণমাণিৰ । তথ্য অনুসৰি, 31 অক্টোবৰত মাক’তা ৰিয়াং নামৰ এজন ৬৫ বছৰীয়া বৃদ্ধ আৰু জন চংপ্ৰেংথ নামৰ এটি দুবছৰীয়া শিশুৰ মৃত্যু হৈছিল । একেদৰে 3 নৱেম্বৰত মণিৰাম মলছৈৰ দুবছৰীয়া পুত্ৰ আক’চ’ মলছৈ আৰু ঘ’মা ৰিয়াঙৰ পত্নী বৃষ্টিৰুং ৰিয়াঙৰ লগতে ৩ বছৰীয়া আজিতাৰি ৰিয়াং আৰু ৪ মহীয়া নৱজাতক পিগলি ৰিয়াঙৰ মৃত্যু হৈছিল খাদ্যৰ সংকটত ৷ ব্ৰু নেতা ব্ৰুন’ মেছাই জনোৱা মতে, শিবিৰ সমূহত বহু বৃদ্ধ আৰু শিশু গুৰুতৰভাৱে বৰ্তমানেও অসুস্থ হৈ আছে ৷
কোন এই ব্ৰু সকল
মিজোৰামত বসবাস কৰা ব্ৰু জনগোষ্ঠীৰ লোক সকলে দীৰ্ঘদিনৰ পৰা স্বায়ত্ত শাসনৰ অৰ্থাৎ Autonomus District গঠনৰ দাবী কৰি আহিছিল । কিন্তু মিজোৰামত যিহেতু মিজো সংখ্যাগৰিষ্ঠৰ আধিপত্য আছে , সেয়ে তেওঁলোকে কোনো কাৰণতে ব্ৰু সকলৰ এই দাবীক সমৰ্থন নকৰে ।
1997 চনৰ 21 অক্টোবৰত ব্ৰু বিচ্ছিন্নতাবাদীয়ে হত্যা কৰিছিল মিজো জনগোষ্ঠীৰ এজন বন সুৰক্ষা বিষয়াৰ । লগে লগে আৰম্ভ হ'ল সাম্প্ৰদায়িক সংঘৰ্ষ ৷ সংঘৰ্ষত নিহত হৈছিল বহু ব্ৰু জনগোষ্ঠীৰ লোক , ধৰ্ষণ কৰিছিল শ শ যুৱতী আৰু মহিলাক । পৰিস্হিতি এনে পৰ্যায় পাইছিল যে, হত্যা আৰু ধৰ্ষণৰ বলি হোৱা লোকৰ তথ্য সংগ্ৰহত বিফল হ'ব লগা হৈছিল আৰক্ষী ।
এনে পৰিস্হিতিত নিজ গৃহ ভূমি এৰি চুবুৰীয়া ৰাজ্য ত্ৰিপুৰালৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল ব্ৰু জনগোষ্ঠীয় লোকসকল । প্ৰায় ৩০০০০ ব্ৰু লোকে ত্ৰিপুৰাৰ কাঞ্চনপুৰ আৰু পাঞ্চিসাগৰ মহকুমাৰ অন্তৰ্গত অস্হায়ী শৰণাৰ্থী শিবিৰত আশ্ৰয় লৈছিল । তাৰ পাছৰে পৰাই প্ৰজন্মৰ পাচত প্ৰজন্মই এই শিবিৰতে বসবাস কৰি হ'ব লগা হ'ল শৰণাৰ্থী ।
ব্ৰুৰ প্ৰত্যাৱৰ্তন আৰু বৰ্তমান সময়
পৰবৰ্তী সময়ত ২০১০ চনৰ পৰা কেন্দ্ৰীয় চৰকাৰে শৰণাৰ্থী সকলৰ পুনৰ সংস্হাপনৰ বাবে চেষ্টা চলাই আহিছে । ইতিমধ্যে বহু সংখ্যক লোকক পুনৰ মিজোৰামলৈ ঘূৰাই আনিবলৈও সক্ষম হৈছে চৰকাৰ । কিন্তু এতিয়াও নিজৰ দাবীত অটল আছে ব্ৰু জনগোষ্ঠীয় শৰণাৰ্থী সকল । ব্ৰু সকলৰ বাবে Autonomus District গঠন নোহোৱা পৰ্যন্ত তেওঁলোকে ত্যাগ নকৰে শৰণাৰ্থী শিবিৰ । লগতে তেওঁলোকে মিজোৰাম চৰকাৰৰ দাবী কৰিছে , প্ৰতিটো ব্ৰু পৰিয়ালক ৫ হেক্টৰকৈ ভূমিৰ লগতে পুনৰ সংস্হাপিত হোৱা প্ৰতিটো পৰিয়ালক অতি কমেও ১.৫ লাখ টকাকৈ সাহাৰ্য প্ৰদান কৰক ।
ব্ৰু জনগোষ্ঠীক লৈ সুদীৰ্ঘ ২১ বছৰীয়া আলোচনাৰ অন্তত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় , ত্ৰিপুৰা চৰকাৰ আৰু মিজোৰাম চৰকাৰে শেষতীয়াকৈ গ্ৰহণ কৰিলে কঠোৰ সিদ্ধান্ত ৷ সিদ্ধান্ত আছিল যে, ত্ৰিপুৰাত থকা ব্ৰু জনগোষ্ঠীয় শৰণাৰ্থী সকলে অতি শীঘ্ৰে পুনৰ নিজ ৰাজ্য মিজোৰামলৈ ঘূৰি যাব লাগে । অন্যথা শৰণাৰ্থী শিবিৰলৈ বন্ধ কৰি দিয়া হ'ব ৰেচনকে ধৰি অন্যান্য সাহাৰ্য । কিন্তু জনগোষ্ঠীটোৰ দাবী , কেৱল গৃহ ৰাজ্যলৈ ঘূৰি যাবলৈ দিলেই নহ'ব , তাৰ পৰিবৰ্তে চৰকাৰে গৃহ ভূমিত সন্মান আৰু সম্পূৰ্ণ অধিকাৰ সহকাৰে জীয়াই থকাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব । লগে লগে কেন্দ্ৰীয় চৰকাৰে শৰণাৰ্থী শিবিৰ সমূহলৈ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল ৰেচন, সৃষ্টি হৈছিল তীব্ৰ খাদ্য সংকটৰ ।
গুৰুত্বপূৰ্ণ যে, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰৰ প্ৰচেষ্টাত ২৩ অক্টোবৰলৈকে কেৱল ১২৫ টা পৰিয়ালৰ ৭০০ লোকহে মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হৈছিল ৷ বৰ্তমান ভাৰতৰ অভ্যন্তৰীণতে শৰণাৰ্থীত পৰিণত হোৱা ব্ৰুসকলৰ এক বুজনসংখ্যক লোকে বাস কৰি আছে ত্ৰিপুৰাত ৷