ETV Bharat / state

অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী

অসম-মিজোৰাম সীমান্তত চলি থকা মিজো আগ্ৰাসনে পুনৰ ভংয়কৰ ৰূপ লৈছে ৷ সৃষ্টি হৈছে সীমা বিবাদ ৷ ফলস্বৰূপে এক উত্তেজনাপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে অসম-মিজোৰামৰ সীমান্তৰ লাইলপুৰ অঞ্চলত ।

author img

By

Published : Oct 18, 2020, 7:40 PM IST

Updated : Oct 20, 2020, 3:22 PM IST

border dispute
border dispute

কৰিমগঞ্জ, তেজপুৰ,১৮ অক্টোবৰ: অসমৰ লগত চুবুৰীয়া ৰাজ্য সমূহৰ সীমা বিবাদ এক জলন্ত সমস্যা । দীৰ্ঘদিনীয়া এই সমস্যা সমাধানৰ বাবে কোনো এখন চৰকাৰেই নিজৰ দায়িত্ব পালন নকৰিলে পৰিণতিত নিতৌ এখন এখন ৰাজ্যৰ লগত দৈনিক সংঘটিত হ’ব ধৰিছে সীমা সমস্যাৰ ।

অসম-মিজোৰাম সীমান্তত চলি থকা মিজো আগ্ৰাসনে পুনৰ ভংয়কৰ ৰূপ লৈছে ৷ সৃষ্টি হৈছে সীমা বিবাদ ৷ ফলস্বৰূপে এক উত্তেজনাপূৰ্ণ পৰিবেশ বিৰাজ কৰিছে অসম-মিজোৰামৰ সীমান্তৰ লাইলপুৰ অঞ্চলত । অসমৰ কাছাৰ জিলাৰ অন্তৰ্গত লাইলপুৰ অঞ্চল পুনৰ মিজো আগ্ৰাসনৰ বলি হ’ব লগা হৈছে আৰু এক ৰক্তাক্ত পৰিস্থিতি উদ্ভৱ হয় সেই স্থানত । শনিবাৰে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক বনোৱাৰ লাল মীনা অমীমাংসিত অঞ্চল ভ্ৰমণ কৰিছিল যদিও ফলপ্ৰসূ নহ’ল ।

আৰক্ষী অধীক্ষক উভতি অহাৰ পিচত মিজোৰামৰ দিশৰ পৰা কিছু দুৰ্বৃত্তই লাইলপুৰ অঞ্চলত নিশা প্ৰৱেশ কৰি বহুতো ঘৰ জ্বলাই দিয়ে আৰু কিছু স্থানীয় লোকক মাৰ-ধৰ কৰে বুলি জানিব পৰা গৈছে । কাছাৰৰ আৰক্ষী অধীক্ষকে কোনো ধৰণৰ ভুৱা অপপ্ৰচাৰত ভোল নাযাবলৈ সকলোকে সজাগ কৰিছে । ইয়াৰ লগতে সমগ্ৰ অঞ্চলতে বলৱৎ কৰা হৈছে সান্ধ্যআইন ৷

অসম-মিজোৰাম সীমান্তত উত্তেজনা
যোৱা ১৫ দিন ধৰি মিজোৰামৰ দিশৰ পৰা দুৰ্বৃত্তৰ দলে অসমৰ স্থানীয় লোকৰ ওপৰত অত্যাচাৰ চলাই আহিছে । অভিযোগ অনুসৰি মিজোৰামৰ লোকসকলৰ লগত মিজো আৰক্ষীৰ লোকো আছিল বুলি স্থানীয় ৰাইজে জনায় । আনহাতে শনিবাৰে নিশা এজন বাঙালী সম্প্ৰদায়ৰ গাড়ী চালকক মিজোৰামৰ লোকে বেয়াকৈ মাৰপিত কৰে যদিও পৰৱৰ্তী সময়ত এৰি দিয়ে আৰু তেওঁ বৰ্তমান সুস্থ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । পৰিস্থিতি অধিক অৱনতিৰ দিশে গতি কৰাত দেওবাৰে আৰক্ষীৰ লগতে সীমামূৰীয়া অঞ্চলত মোতায়েন কৰা হৈছে অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দল ৷ তাৰোপৰি আৰক্ষীৰ অৰ্ধ সামৰিক বাহিনীৰ দলে সীমামূৰীয়া বনাঞ্চল এলাকাতো টহল দিয়া দেখিবলৈ পোৱা গৈছে ।
বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে মিজোৰামৰ ভৰাইণ্টত কেইবাখনো তালাচী চকীত আৰু সমীপৱৰ্তী এলেকাত অসমৰ প্ৰায় ৩00 ৰো অধিক যানবাহন আবদ্ধ হৈ আছে ,আনহাতে আইজলতো বহুতো অসমৰ লোক আবদ্ধ হৈ পৰিছে । ইতিমধ্যে মিজোৰামত কাৰফিউ দিয়া হৈছে স্পৰ্শকাতৰ অঞ্চলত । দুয়ো পক্ষৰ লোকে হাতত লাঠি লৈ প্ৰহাৰ কৰাৰ ফলত কেইবাজনো লোক আহত হৈছে । ঘটনা সম্পৰ্কে অসম আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত সঞ্চালক মুকেশ আগৰৱালাক ফোন যোগে যোগাযোগ কৰিও বাতৰি পৰিবেশন কৰা সময়লৈকে যোগাযোগ স্থাপন কৰিব পৰা নহ’ল ।

লগতে পঢ়ক : সমুজ্জল ভট্টাচাৰ্যৰ বাবে অগপৰ দুৱাৰ খোলা আছে: সত্যব্ৰত কলিতা

Last Updated : Oct 20, 2020, 3:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.