ETV Bharat / state

বিজেপিৰ দখলত কৰিমগঞ্জ জিলা পৰিষদ - বিজেপিয়ে দখল কৰিলে কৰিমগঞ্জ জিলা পৰিষদ

কংগ্ৰেছৰ মমতাজ বেগমক পৰাজিত কৰি কৰিমগঞ্জৰ নতুন জিলা পৰিষদৰ সভাপতি হ’ল বিজেপিৰ আশীষ নাথ, উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় বিমলা শুক্লবৈদ্য ৷

কৰিমগঞ্জ জিলা পৰিষদত বিজেপিৰ দখল
author img

By

Published : Nov 7, 2019, 8:38 PM IST

কৰিমগঞ্জ, 7 নবেম্বৰ: বহু প্ৰতীক্ষাৰ অন্তত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা কৰিমগঞ্জ জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হল বিজেপি । নতুন সভাপতি হিচাপে নিৰ্বাচিত হ’ল বিজেপিৰ আশীষ নাথ । যোৱা 2018ৰ পঞ্চায়ত নিৰ্বাচনত কৰিমগঞ্জৰ 20 খন জিলা পৰিষদৰ মাজত কংগ্ৰেছে 10, বিজেপিয়ে 6, এআইউডিফয়ে 2 আৰু নিৰ্দলীয় হিচাপে 2 খন জিলা পৰিষদ আসন দখল কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ পিছত অনুষ্ঠিত হোৱা জিলা পৰিষদ গঠনৰ সময়ত কংগ্ৰেছ আৰু বিজেপি উভয়দলে 10 টা কৈ ভোট পাবলৈ সক্ষম হয় ৷ ইয়াৰ ফলত ভাগ্য নিৰ্ণয়ৰ বাবে টছ হয় আৰু তেতিয়া জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী মমতাজ বেগম এই ঘটনাৰ পিছতে বিজেপি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে ।

কৰিমগঞ্জ জিলা পৰিষদত বিজেপিৰ দখল
দীৰ্ঘদিন শুনানিৰ পিছত আদালতে পুনঃ জিলা পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে কৰিমগঞ্জ জিলা প্ৰশাসনক । বৃহস্পতিবাৰে আদালতৰ নিৰ্দেশক্ৰমে কৰিমগঞ্জ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত হয় জিলা পৰিষদ গঠনৰ বাবে নিৰ্বাচন । অনুষ্ঠিত এই নিৰ্বাচনত 20 সদস্যৰ ভিতৰত এজন এআইউডিফ সদস্য ৰহস্যজনকভাবে অনুপস্থিত থাকে । গোপন ব্যালেটৰ জৰিয়তে হোৱা ভোটত 10 টা কৈ ভোট লাভ কৰি জয়ী হয় বিজেপি প্ৰাৰ্থী আশীষ নাথ । তেওঁৰ নিকটতম প্ৰতিদ্বন্দী আছিল কংগ্ৰেছৰ মমতাজ বেগম আৰু উপ-সভাপতি হিচাপে নিৰ্বাচিত হয় বিজেপিৰ বিমলা শুক্লবৈদ্য ।

লগতে পঢ়ক: মাজুলী শালমৰাত ভয়াৱহ খহনীয়াঃ ঘোৰ নিদ্ৰাত ব্ৰহ্মপুত্ৰ বৰ্ড

Intro:কংগ্ৰেছ প্ৰাৰ্থী মমতাজ বেগমক পৰাজিত কৰি কৰিমগঞ্জৰ নতুন জিলপৰিষদ চেয়াৰম্যান বিজেপিৰ আশীষ নাথ।

Body:SLUG--- KARIMGANJ ZILAPARISAD BJP WIN

বহু প্ৰতীক্ষাৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হোৱা নিৰ্বাচনত জয়ী হল বিজেপি।নতুন চেয়াৰম্যান হিচাবে ঘোষিত হল বিজেপিৰ আশীষ নাথ।যোৱা ২০১৮ৰ পঞ্চায়েত নিৰ্বাচনত কৰিমগঞ্জৰ ২০ খন জিলা পৰিষদৰ মাজত কংগ্ৰেছ দলে১০,বিজেপি দলে ৬,এআইউডিফৰ দলে ২আৰু নিৰ্দল হিচাপে ২খন জিলা পৰিষদ আসন দখল কৰিবলৈ সক্ষম হৈছিল।আৰু ইয়াৰ পিছত অনুষ্ঠিত হোৱা জিলপৰিষদ গঠনৰ সময়ত কংগ্ৰেছ আৰু বিজেপি উভয়দলে 10 খন ভোট কৈ ভোট পায় ফলত ভাগ্য নিৰ্ণয়ৰ বাবে টছ হয় আৰু তেতিয়া জয়ী হয় কংগ্ৰেছ প্ৰাৰ্থী মততাজ বেগম।কিন্তু পিছে বিজেপিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে।দীৰ্ঘ শুনানিৰ পিছত আদালতে পুনঃ জিলা পৰিষদ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিয়ে কৰিমগঞ্জ জিলা প্ৰশাসনক ।আজি আদালতৰ নিৰ্দেশক্ৰমে কৰিমগঞ্জ জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ জৰিয়তে কৰিমগঞ্জ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ কনফাৰেন্স হলত অনুষ্ঠিত হয় জিলা পৰিষদ গঠনৰ বাবে নিৰ্বাচন। অনুষ্ঠিত এই নিৰ্বাচনত 20 সদস্যৰ ভিতৰত এজন এয়াইউডিএফ সদস্য ৰহস্যজনকভাবে অনুপস্থিত থাকে।গোপন ব্যালেটৰ জৰিয়তে হোৱা ভোট পৰ্বত 10 খন কৈ ভোট লাভ কৰি জয়ী হয় বিজেপি প্ৰাৰ্থী আশীষ নাথ।তেওঁৰ নিকটতম প্ৰতিদ্বন্দি আছিল কংগ্ৰেছৰ মমতাজ বেগম আৰু ভাইস চেয়াৰম্যান নিৰ্বাচিত হয় বিজেপিৰ বিমলা শুক্লবৈদ্য।

Conclusion:উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত অনুষ্ঠিত হয় এই নিৰ্বাচন
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.