ETV Bharat / state

পাথাৰকান্দিত বিজেপিৰ চাহ মৰ্চাৰ সভা সম্পন্ন

আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে শাসকীয় ৰাজনৈতিক দল বিজেপি ৷ বৰাক উপত্যকাত সোমবাৰে চাহ জনজাতীয় লোকসকলক লগত লৈ বিজেপিয়ে আয়োজন কৰে এক বিশাল কৰ্মী সভাৰ ৷

author img

By

Published : Feb 8, 2021, 2:20 PM IST

bjp-tea-community-meet
পাথাৰকান্দিত বিজেপিৰ চাহ মৰ্চাৰ সভা সম্পন্ন

কৰিমগঞ্জ, 8 ফেব্ৰুৱাৰী : অসমত 2021ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে শাসক-বিৰোধী ৰাজনৈতিক দল ৷ শাসকীয় দলে বিভিন্ন আঁচনি ঘোষণা আৰু উন্নয়নমূলক কামৰ জৰিয়তে ভোটাৰক আকৃষ্ট কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ আনহাতে বিৰোধী ৰাজনৈতিক দল সমূহেও বিভিন্ন নিৰ্বাচনী ৰণকৌশল অৱলম্বন কৰি শাসকীয় দলক শ’লঠেকত পেলোৱাৰো প্ৰয়াস কৰিছে ৷

অন্যন্য ৰাজনৈতিক দলসমূহৰ লগতে শাসকীয় দল বিজেপিয়েও ৰাজ্যত আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ ৷ বৰাক উপত্যকাত বিজেপিয়ে সোমবাৰে চাহ জনজাতীয় লোক সকলক লগত লৈ আয়োজন কৰে এক বিশাল কৰ্মী সভাৰ ৷ বিজেপিৰ চাহ মৰ্চাৰ উক্ত সভাত উপস্থিত থাকে লক্ষীপুৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা ৷

পাথাৰকান্দি সমষ্টিৰ লোৱাইৰপোৱা মণ্ডল বিজেপিৰ উদ্যোগত আয়োজন কৰা উক্ত সভাত উপস্থিত থাকি বিধায়ক গোৱালাই কংগ্ৰেছ আৰু এআইইউডিএফক ক্ষুৰধাৰ সমালোচনা কৰে ৷ চিপেনজুৰি চাহ বাগিছাত অনুষ্ঠিত উক্ত সভাত প্ৰায় পাঁচ সহস্ৰাধিক বিজেপি কৰ্মী উপস্থিত থাকে ৷
লগতে পঢ়ক : দিল্লীয়ে আমুৱাইছে তপন-পল্লৱকঃ পুনৰ দিছপুৰলৈ অহাৰ মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.