ETV Bharat / state

কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ

author img

By

Published : Dec 23, 2020, 10:53 AM IST

Updated : Dec 23, 2020, 2:34 PM IST

মঙলবাৰে নিশা কৰিমগঞ্জ চহৰৰ মাজমজিয়াত আঁৰি থোৱা বিজেপিৰ বেনাৰ আৰু পতাকা সমূহ ফালি পেলায় অচিনাক্ত দুৰ্বৃত্তই ৷ ইয়াৰ পিচতে এই ফালি দিয়া বেনাৰ আৰু পতাকা সমূহ মাটিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে ৷

bjp-flags-and-banners-removed-by-unidentified-miscreant-in-kormganj
কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ

কৰিমগঞ্জ, 23 ডিচেম্বৰ : বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱা প্ৰাক ক্ষণত কৰিমগঞ্জত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি ৷ মঙলবাৰে কৰিমগঞ্জৰ জিলাৰ সদৰত ফালি দিয়া হয় বিজেপিৰ পতাকা আৰু বেনাৰ ৷

স্থানীয় লোকে সদৰি কৰা মতে মঙলবাৰে নিশা কৰিমগঞ্জ চহৰৰ মাজমজিয়াত আৰি থোৱা বিজেপিৰ বেনাৰ আৰু পতাকা সমূহ ফালি পেলায় অচিনাক্ত দুৰ্বৃত্তই ৷ ইয়াৰ পিচতে এই ফালি দিয়া বেনাৰ আৰু পতাকা সমূহ মাটিত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰে একাংশ লোকে ৷

এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ দলীয় কৰ্মীসকলৰ লগতে শীৰ্ষ নেতৃত্বই ৷ সামন্তৰালভাৱে কটকটীয়া নিৰাপত্তাৰ মাজতো অচিনাক্ত দুৰ্বৃত্তই কেনেদৰে এই ঘটনা সংঘটিত কৰিবলৈ সক্ষম হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে ৷

উল্লেখ্য যে, আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৰিমগঞ্জ জিলাত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা ৷

লগতে পঢ়ক: আৰক্ষীৰ জালত ৰহিংগীয়া শৰণাৰ্থীৰ এটা বৃহৎ দল

Last Updated : Dec 23, 2020, 2:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.