কৰিমগঞ্জ, 21 ডিচেম্বৰ: কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে বৰাক উপত্যকাৰ তিনিখন ৰাজ্যৰ বিষ্ণুপ্ৰিয়া মণিপুৰী লোকসকলে 12 ঘন্টীয়া অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ চৰকাৰে সম্প্ৰদায়টোৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ অভিযোগ উত্থাপন কৰি সোমবাৰে পুৱাৰ ভাগৰ পৰা সম্প্ৰদায়টোৰ লোকসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷
সোমবাৰে পুৱা সাত বজাৰ পৰা বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অ'বিচি তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে সম্প্ৰদায়টোৰ লোকসকলে কৰিমগঞ্জৰ জিলাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে ৷ জানিব পৰা মতে সন্ধিয়া সাত বজালৈ প্ৰতিবাদকাৰী সকলৰ অনশন অব্যাহত থাকিব ৷
প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে তেওঁলোকে দীৰ্ঘদিনৰ পৰা চৰকাৰক এই দাবী উত্তাপন কৰি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি লাভ নকৰি উপায়ন্তৰ হৈ তেওঁলোকে এই পদক্ষেপ ল'বলৈ বাধ্য হৈছে ৷
লগতে পঢ়ক:টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ