কৰিমগঞ্জ, 19 নৱেম্বৰ: বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ অংশ হিচাপে পাথাৰকান্দিত বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে পাঁচ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷ সম্প্ৰদায়টোৰ কেবাটাও সংগঠনৰ কৰ্মকৰ্তা সকলে বৃহস্পতিবাৰে পাথাৰকান্দি চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাতিপুৱাৰ ভাগত এক প্ৰতিবাদী সমদল বাহিৰ কৰি চেন্ট্ৰেল অ'বিচি ৰ তালিকাত সম্প্ৰদায়টোক অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী উত্থাপন কৰে ৷

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে দীৰ্ঘদিনৰ পৰাই বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ক কেন্দ্ৰীয় অনুসূচীত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰি আহিছিল যদিও চৰকাৰে এইক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৷ সেয়ে উপায়ন্তৰ হৈ সম্প্ৰদায়টোৰ লোকসকলে ৰাজ্যজুৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছে ৷
লগতে পঢ়ক: চেন্ট্ৰেল অ'বিচি প্ৰদানৰ দাবীৰে বিষ্ণুপ্ৰিয়া মণিপুৰীৰ প্ৰতিবাদ