কৰিমগঞ্জ, 16 জুনঃ নৈ সাঁতুৰি ভাৰতত প্ৰবেশ এগৰাকী বাংলাদেশী নাগৰিক ৷ সাঁতুৰি পাৰ হোৱা বাংলাদেশী নাগৰিকজন বাংলাদেশৰ কিশোৰগঞ্জ জিলাৰ খিলোছিয়া গাঁৱৰ ৰেহান মিঞা বুলি জানিব পৰা গৈছে ৷ বি এছ এফ জোৱানে ৰেহান মিঞা নামৰ যুৱকজনক কেইবাঘন্টাও সোধ-পোছ কৰাৰ পাচত যুৱকজন নিচাগ্ৰস্ত আৰু মানসিক বিকাৰগ্ৰস্ত বুলি জানিব পাৰে । ইয়াৰ পাছতেই বাংলাদেশ বিজিবিৰ (বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ) সৈতে যোগাযোগ কৰি বাংলাদেশলৈ প্ৰেৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় ৷
উল্লেখ্য যে শনিবাৰে দিনৰ প্ৰায় দুই বজাত কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুশিয়াৰা নৈত স্থানীয় একাংশ কিশোৰে গা ধুই আছিল । নৈত গা ধুই থকা অৱস্থাতে বাংলাদেশৰ জকিগঞ্জ বজাৰৰ দিশৰ পৰা এজন লোক সাঁতুৰি ভাৰতত প্ৰৱেশ কৰা দেখা পায় কিশোৰকেইজনে ৷ আৰক্ষীক খবৰ দিয়াত সীমান্তত কৰ্তব্যৰত বি এছ এফৰ জোৱানে যুৱকজনক আটক কৰি কেম্পলৈ লৈ যায় আৰু সোধ-পোছৰ অন্তত লোকজনক মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পাৰে ৷ অৱশেষত, বাংলাদেশৰ সৈতে হোৱা আলোচনাৰ অন্তত শনিবাৰে ৰাতি কৰিমগঞ্জৰ ষ্টিমাৰঘাট সীমান্তই দি নদী পাৰ কৰাই লোকজনক বাংলাদেশৰ জকিগঞ্জত থকা বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ ৪১ বেটেলিয়ানৰ কোম্পানী কমাণ্ডেন্ট মহম্মদ আলীৰ হাতত গতাই দিয়া হয় ।
লগতে পঢ়কঃ "মন্ত্ৰী হোৱাটো এক বিড়ম্বনা " কিয় ক'লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ?