বদৰপুৰ,৩১ জুলাই: বিগত কেইবাদি ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈ থকা সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ প্ৰতিবাদ আৰু নিহত সাংবাদিক সকললৈ শোক প্ৰকাশ কৰে বদৰপুৰ প্ৰেছ ক্লাৱৰ ।
মঙলবাৰে বদৰপুৰ প্ৰেছ ক্লাৱৰ অস্থায়ী কাৰ্যালয়ত সভাপতি ছহিৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক সভাত সাংবাদিক আক্ৰমণৰ ঘটনাক তীব্ৰ প্ৰতিবাদ জনোৱা হয় । লগতে আক্ৰমণকাৰী সকলক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী প্ৰেছ ক্লাৱৰ সদস্য সকলৰ । উল্লেখ্য যে উক্ত সভাৰ মাজতে বিশেষ ভাৱে সন্মান জনোৱা হয় ইংলেণ্ডৰ ভাষা গৱেষক জেমস উইলিয়ামক ।