ETV Bharat / state

পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত বদৰপুৰত মৌন প্ৰতিবাদ - সাংবাদিক

সাংবাদিক পৰাগ ভূঞাক হত্যাৰ বিৰুদ্ধে মৌন প্ৰতিবাদ সাব্যস্ত কৰে বদৰপুৰ সাংবাদিক সন্থাৰ সদস্য সকলে ৷ দোষীক উচিত শাস্তি প্ৰদানৰ ব্যৱস্থা নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ ৷

Badarpur  press club protest Against Parag Bhuan Accident dead
পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত বদৰপুৰত মৌন প্ৰতিবাদ
author img

By

Published : Nov 14, 2020, 1:59 PM IST

কৰিমগঞ্জ, 14 নৱেম্বৰঃ পৰাগ ভূঞাৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত ইতিমধ্যে সমগ্ৰ ৰাজ্যতেই বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সমান্তৰালকৈ কৰিমগঞ্জৰ বদৰপুৰতো প্ৰেছ ক্লাৱৰ সদস্য সকলে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

ৰহস্যজনক ভাৱে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰাগ ভূঞাৰ আত্মাৰ চিৰশান্তি কামনাৰে বদৰপুৰ প্ৰেছ ক্লাৱত এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ উক্ত অনুষ্ঠানত অতি শীঘ্ৰে ভূঞাৰ মৃত্যুৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবীত সতীৰ্থ সাংবাদিক সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷

সাংবাদিক সকলৰ জীৱনৰ নিৰাপত্তা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰশাসনক দাবী উত্থাপন কৰাৰ লগতে পৰাগ ভূঞাৰ দোষীক শাস্তি প্ৰদান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

লগতে পঢ়ক- পৰাগ ভূঞা হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত নামতিত মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.