কৰিমগঞ্জ,12ছেপ্টেম্বৰ: কৰিমগঞ্জ জিলাৰ বদৰপুৰ পৌৰসভাৰ চাফাই কৰ্মচাৰীসকলে তিনিদিনীয়া কাৰ্যসূচীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ 14 মাহে নিজৰ প্ৰাপ্য লাভ নকৰাৰ বাবে জিলাখনৰ পৌৰসভাৰ সন্মূখত কৰ্মচাৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলৰ পৰা জানিব পৰা মতে, পৌৰসভাই 14 মাহে চাফাই কৰ্মচাৰী সকলক প্ৰদান কৰা নাই দৰমহা ৷ এই সন্দৰ্ভত কৰ্মচাৰীসকলে চৰকাৰলৈ বহুবাৰ আবেদন জনাইছে যদিও চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ যাৰ বাবে অতি কষ্টত দিন পাৰ কৰিবলগীয়া হৈছে কৰ্মচাৰী সকলে ৷
ইফালে, চহৰ উন্নয়নৰ বাবে বহু কোটি টকা খৰচ কৰা চৰকাৰখনে 40জন চাফাই কৰ্মীৰ দৰমহা কিয় মুকলি কৰি দিব পৰা নাই বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে কৰ্মচাৰী সকলে ৷ কৰ্মচাৰী সকলৰ দাবী, তিনি দিনৰ ভিতৰত মুকলি কৰি দিব লাগিব দৰমহা ; অন্যথা অধিক তীব্ৰ ৰূপত আন্দোলন গঢ়ি তোলাৰ হূংকাৰ দিলে কৰ্মচাৰী সকলে ৷
অন্য এক খবৰৰ বাবে: ৰাজহুৱা উদ্যোগক পুঁজিপতিক গটোৱাৰ চক্ৰান্ত !