কৰিমগঞ্জ, 19 ডিচেম্বৰ: আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত সচেতনতা বৃদ্ধিৰ বাবে শনিবাৰে কৰিমগঞ্জত সচেতনতা সভা অনুষ্ঠিত হয় ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ এছ.এইছ.জি গ্ৰুপৰ উদোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সভাখন ৷
সভাখনত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কৰিমগঞ্জ জিলা পৰিষদৰ সভাপতি আশীষ নাথ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সকলোৰে সৈতে সকলোৰে বিকাশ মন্ত্ৰৰে সকলোকে আগবাঢ়ি আহি অসমৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনালে বক্তা গৰাকীয়ে ৷
লগতে পঢ়ক: জালুকবাৰীৰ ভয়াৱহ অগ্নিকাণ্ডত ভস্মীভূত 50 টাকৈ বাসগৃহ