ETV Bharat / state

ঘৰত সোমাই প্ৰাণে মৰাৰ চেষ্টা ঠিকাদাৰক - কৰিমগঞ্জ অসামৰিক চিকিৎসালয়

সোমবাৰে নিশা কৰিমগঞ্জ চহৰৰ চেটেলমেণ্ট অঞ্চলত ঘৰত সোমাই এজন ঠিকাদাৰক প্ৰাণে মৰাৰ চেষ্টা দুষ্কৃতিকাৰীৰ ৷

ঘৰত সোমাই প্ৰাণে মৰাৰ চেষ্টা এজন ঠিকাদাৰক

author img

By

Published : Feb 23, 2021, 12:44 PM IST

কৰিমগঞ্জ,23 ফেব্ৰুৱাৰী: সোমবাৰে নিশা কৰিমগঞ্জ চহৰৰ চেটেলমেণ্ট অঞ্চলত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা ৷ ঘৰত সোমাই এজন ঠিকাদাৰক প্ৰাণে মৰাৰ চেষ্টা দুষ্কৃতিকাৰীৰ ৷ এই ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰী ৷ স্থানীয় ৰাইজে অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে আহত লোকজনক ৷ পৰৱৰ্তী সময়ত হাস্পতাল কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে লোকজনক ৷

ঘৰত সোমাই প্ৰাণে মৰাৰ চেষ্টা ঠিকাদাৰক

উল্লেখ্য যে, হাস্পতাল কৰ্তৃপক্ষই উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা স্বত্বেও পৰিয়ালৰ লোকে আহত লোক জনক চিকিৎসালয়লৈ নিবলৈ পৰা নাছিল ৷ কিয়নো চৰকাৰী হাস্পতালত সেই সময়ত উপস্থিত নাছিল এম্বুলেঞ্চ ৷ যিখন এম্বুলেঞ্চ আছে সেইখনৰো নাই চালক ৷ এই লৈ নিশাই হাস্পতালখনত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বহু অপেক্ষাৰ অন্তত আহত লোকজনক এখন ব্যক্তিগত বাহনেৰে চিকিৎসালয়লৈ লৈ যাব লগাত পৰিছিল পৰিয়ালবৰ্গ ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে ৰোগীগৰাকীৰ আত্মীয় ৷

আনহাতে, নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷ কোনে কিহৰ বাবে এই ঠিকাদাৰজনক হত্যা কৰাৰ চেষ্টা কৰিছিল সেই সম্পৰ্কে ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃ ভূমি আৱণ্টনক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত হতাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.