ETV Bharat / state

অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে

author img

By

Published : Jul 29, 2021, 12:08 PM IST

অসমৰ এক ইঞ্চি মাটি মিজোৰামক এৰি দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ঘোষণা কৰাৰ সময়তে সংঘটিত হৈছে অসমীয়া জনজাতীয় পৰিয়ালৰ ঘৰ মিজো আৰক্ষীয়ে দখল কৰাৰ ঘটনা ৷ কৰিমগঞ্জৰ তিনিটাকৈ পৰিয়ালক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে ৷

assam-mizoram-border-dispute-update
অসমীয়া লোকক ঘৰৰ পৰা উচ্ছেদ কৰি বাংকাৰ বনাইছে মিজো আৰক্ষীয়ে

কৰিমগঞ্জ, 29 জুলাই : কৰিমগঞ্জ জিলাৰ ৰাতাবাড়িৰ ছোটভুবিৰবন্দত তিনিটা জনজাতীয় অসমীয়া পৰিয়ালৰ ঘৰ দখল কৰিলে মিজো আৰক্ষীয়ে(Mizo Police) । এই ঘৰ কেইটা ভাঙি সেই স্থানত মিজো আৰক্ষী(Mizo police)য়ে বাংকাৰ বনোৱা বুলি জানিব পৰা গৈছে । অসমৰ এক ইঞ্চি মাটি মিজোৰামক এৰি দিয়া নহ’ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ই ঘোষণা কৰাৰ সময়তে সংঘটিত হৈছে এই ঘটনা ৷

মিজোৰামৰ আই আৰ বেটেলিয়ানে(IR battalion) ঘৰ দখল কৰাৰ পিছত নিজৰ ঘৰখন এৰি আহিব লগা হৈছে ভি-ৰংখল, এল মোলসম আৰু ডি সাকাচেপৰ পৰিয়ালে । অসম আৰক্ষীৰ শিৱিৰৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত থকা ঘৰ তিনিখন সম্প্ৰতি মিজো আৰক্ষীৰ দখলত আছে । মিজো আৰক্ষীয়ে তাত বাংকাৰ নিৰ্মাণ কৰি যুদ্ধং-দেহি মনোভাৱ লৈ সাজু হৈ আছে বুলিও জানিব পৰা গৈছে ।

ইতিমধ্যে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সীমান্তত থকা অসম আৰক্ষীৰ শিবিৰত উপস্থিত হৈ মিজো আগ্ৰাসনৰ বুজ লৈছে ৷ কিন্তু, এতিয়ালৈকে অসম চৰকাৰ কিম্বা অসম আৰক্ষীৰ ফালৰ পৰা মিজোৰামে নতুনকৈ দখল কৰা অসমীয়া লোকৰ ঘৰ ওভটাই অনাৰ বাবে কোন বিশেষ পদক্ষেপ পৰিলক্ষিত হোৱা নাই । শেহতীয়া খবৰ অনুসৰি মিজোৰামে ড্ৰ’ন কেমেৰাৰ(drone camera) সহযোগত সীমান্ত এলেকা পৰ্যবেক্ষণ কৰিছে ৷

জানিব পৰা মতে, ওয়াইএমএ(YAM) নামৰ সংগঠনটোৱে মাইকৰ জৰিয়তে জনগণক যিকোনো পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে সাজু থাকিবলৈ আহ্বান জনাইছে । ইপিনে, মিজোৰামে কলালিয়ান এলেকাৰ পৰা জেচিবি লগাই পথ নিৰ্মাণ কৰাৰ খবৰ আহিছে ৷ ইয়াৰ বাহিৰেও, ৰংপুৰ ছোটবুভি এলেকাত দীৰ্ঘদিনৰ পৰা ওয়াইএমএ নামৰ সংগঠনটোৱে তেওঁলোকৰ নামাংকিত ছাইনবোৰ্ড লগাইছে ।

লগতে পঢ়ক : দুলীয়াজানত অইলৰ পাইপ লাইন ফাটি খাৰুৱা তেল নিৰ্গত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.