কৰিমগঞ্জ, 27 অক্টোবৰ: সীমান্তত সীমা সুৰক্ষা বাহিনীৰ সৈতে দীপাৱলী পালন কৰিলে অসমৰ ৰাজ্যপাল ডঃ জগদীশ মুখীয়ে ৷ কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ সুতাৰকান্দিত পালন কৰা হয় এই অনুষ্ঠানৰ ৷ বি এছ এফ জোৱানসকলে ৰাজ্যপালৰ সৈতে দীপাৱলী পালন কৰি আনন্দত মতলীয়া হৈ পৰে ৷
সুতাৰকান্দি সীমান্তত উপস্থিত হৈ ৰাজ্যপাল ডঃ জগধীশ মুখীয়ে ভাৰত-বাংলাদেশ সীমান্তৰ জিৰো লাইনত উপস্থিত হয় । ইয়াতে বাংলাদেশৰ সুৰক্ষা বাহিনী বৰ্ডাৰ গাৰ্ড বাংলাদেশৰ অধিকাৰীৰ হাতত দেৱালীৰ মিঠাই পেকেট তুলি দিয়ে ৷ দুয়োদেশৰ সুৰক্ষাৰ দায়িত্বত থকা জোৱানৰ সৈতে ফটোচেছন কৰি শুভেচ্ছা বিনিময় কৰে । সীমান্তৰ জিৰো লাইনৰ পৰা ৰাজ্যপালগৰাকীয়ে সুতাৰকান্দিত ট্ৰেড চেন্টাৰত উপস্থিত হৈ দীপাৱলীৰ বন্তি প্ৰজ্বলন কৰে ।