ETV Bharat / state

অসমৰ ব্যৱসায়ীক ত্ৰিপুৰাত লুটপাত - লুটপাত

পূজাৰ চান্দা সংগ্ৰহৰ নামত অসমৰ পাচলি ব্যৱসায়ীক আৰক্ষীৰ চকুৰ আগত অত্যাচাৰ কৰিলে ত্ৰিপুৰাৰ একাংশ লোকে । নিশা ত্ৰিপুৰাৰ পানিশাগৰ এলেকাত এই ঘটনাটি সংঘটিত হৈছে । ত্ৰিপুৰা আৰক্ষীয়ে এই ঘটনা দেখিও নেদেখাৰ অভিযোগ তোলে ব্যৱসায়ীসকলে ৷

অসমৰ ব্যৱসায়ীক ত্ৰিপুৰাত লুটপাত
author img

By

Published : Jul 31, 2019, 10:47 AM IST

কৰিমগঞ্জ, 31 জুলাইঃ ত্ৰিপুৰাত দূৰ্গা পূজাৰ চান্দা সংগ্ৰহৰ নামত অসমৰ ব্যৱসায়ী সকলক লুটপাত । আৰক্ষীৰ চকুৰ আগত বৰাকৰ কেবাজনো পাচলি ব্যৱসায়ীৰ পৰা লুটি নিলে কেবালাখ টকা ৷

অসমৰ ব্যৱসায়ীক ত্ৰিপুৰাত লুটপাত
দূৰ্গা পূজালৈ এতিয়াও বহুদিন বাকী । কিন্তু পূজাৰ চান্দা সংগ্ৰহৰ নামত ত্ৰিপুৰাৰ পানিশাগৰ এলেকাত অসমৰ পাচলি ব্যৱসায়ীক অত্যাচাৰ ৷ আৰক্ষীৰ চকুৰ আগতেই ত্ৰিপুৰাৰ একাংশ লোকে সংঘটিত কৰিলে এই ঘটনা । অভিযোগ অনুসৰি ব্যবসায়ীৰ পৰা যিমান টকা পাইছিল সকলো চান্দা সংগ্ৰহৰ নামত লৈ গৈছিল এটা যুৱকৰ দলে । অসমৰ ব্যৱসায়ী সকলে উপায়ন্তৰ হৈ যোৱা নিশা কৰিমগঞ্জত আহি উপস্থিত হয় । কিন্ত এই ঘটনা সংঘটিত হোৱাৰ পিছত ত্ৰিপুৰা আৰক্ষীক অৱগত কৰিছিল যদিও কোনো সুফল লাভ নকৰিলে । ত্ৰিপুৰা আৰক্ষীয়ে এই ঘটনাৰ পিছত আনকি গোচৰ পৰ্যন্ত লবলৈ অমান্তি হ'ল । উল্লেখযোগ্য যে, কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শাক পাচলিৰ ব্যৱসায়ী সকলে ত্ৰিপুৰাৰ পৰা শাক পাচলি ক্ৰয় কৰি বিভিন্ন বজাৰত বিক্ৰী কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল । কিন্তু এই ঘটনাত ত্ৰিপুৰাত থকা অসমৰ ব্যৱসায়ী সকলৰ অবস্থা একেবাৰে শোচনীয় হৈ পৰিছে ৷

Intro:Body:SLUG : ASSAM BUSINESSMAN TORTURED

দূৰ্গা পূজাৰ চান্দা সংগ্ৰহৰ নামত অসমৰ ব্যৱসায়ী সকলক ত্ৰিপুৰাত লুটপাত । আৰক্ষীৰ চকুৰ আগত বৰাকৰ কেবাজনো পাচলি ব্যৱসায়ীৰ পৰা লুটি নিয়া হল কেবালাখ টকা । টকা দিয়াৰ ক্ষেত্ৰত অমান্তি হোৱা সকলক আনকি মাৰপিট পৰ্যন্ত কৰে চান্দা সংগ্ৰহ কৰা লোক সকলে ।

দূৰ্গা পূজাৰ এতিয়াও বহুদিন বাকী আছে । কিন্তু পূজাৰ চান্দা সংগ্ৰহৰ নামত অসমৰ পাচলি ব্যৱসায়ী সকলক আৰক্ষীৰ চকুৰ আগত সৰ্বসান্ত কৰিলে ত্ৰিপুৰাৰ একাংশ লোকে । সোমবাৰ নিশা ত্ৰিপুৰাৰ পানিশাগৰ এলেকাত এই ঘটনাটি সংঘটিত হৈছে । অভিযোগ অনুসৰি ব্যবসায়ীৰ পৰা যিমান টকা পাইছিল সকলো চান্দা সংগ্ৰহৰ নামত লৈ গৈছিল এলেকাৰ একাংশ যুৱকৰ দলে । অসমৰ ব্যৱসায়ী সকলে ত্ৰিপুৰাত সৰ্বসান্ত হৈ যোৱা নিশা কৰিমগঞ্জত আহি উপস্থিত হয় । ঘটনা সংঘটিত হোৱাৰ পিছত ত্ৰিপুৰা আৰক্ষীৰ কাখ চাপিও কোনো লাভ নহ'ল । ত্ৰিপুৰা আৰক্ষীয়ে এই ঘটনাৰ পিছত আনকি গোচৰ পৰ্যন্ত লবলৈ অমান্তি কৰিলে । আজি কৰিমগঞ্জৰ আৰক্ষী অধিক্ষক'ৰ সৈতে ব্যৱসায়ী সকলে লগ কৰি আইনী পদক্ষেপ গ্ৰহন কৰিব । উল্লেখযোগ্য যেন কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা শাক পাচলিৰ ব্যৱসায়ী সকলে ত্ৰিপুৰাৰ পৰা শাক পাচলি ক্ৰয় কৰি বিভিন্ন বজাৰত বিক্ৰী কৰি নিজৰ জীৱন জীৱিকা নিৰ্বাহ কৰে । কিন্তু সোমবাৰ নিশা ত্ৰিপুৰাত সৰ্বসান্ত হৈ বৰ্তমানে এওঁলোকৰ অবস্থা শোচনীয় হৈ পৰিছে ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.