ETV Bharat / state

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান কমলাক্ষ দে পুৰকায়স্থৰ

author img

By

Published : Nov 2, 2020, 1:34 PM IST

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এগৰাকী বঙালী বিদ্বেষী নেতা: বিধায়ক কমলাক্ষ দে পুৰকায়স্থ। কৰিমগঞ্জৰ পৰা নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়কগৰাকীয়ে।

মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান কমলাক্ষ দে পুৰকায়স্থৰ
মন্ত্রী হিমন্ত বিশ্ব শৰ্মাক মুকলি প্ৰত্যাহ্বান কমলাক্ষ দে পুৰকায়স্থৰ

কৰিমগঞ্জ, ২ নৱেম্বৰ: উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই তীব্ৰ বাক্যবাণেৰে থকাসৰকা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বিধায়কগৰাকীয়ে মন্ত্ৰী শৰ্মাক কৰিমগঞ্জৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি জয়ী হৈ নিজৰ ক্ষমতা প্ৰতিপন্ন কৰিবলৈ মুকলিভাৱে প্ৰত্যাহ্বান জনালে। এক সংবাদমেলযোগে এনেদৰে মন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কৰে।

তেওঁ কয় যে, 'মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন বঙালী বিদ্বেষী নেতা। জালুকবাৰী সমষ্টিত বঙালী ভোটাৰ আছে আৰু বঙালী সম্পৰদায়ৰ লোকৰ ভোট লাভ কৰিয়েই হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী হৈছে। কিন্তু আমি যেতিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বঙালীৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে দাঙি ধৰি সংগ্ৰাহালয় নিৰ্মাণৰ দাবী জনাইছিলো, তেতিয়া মন্ত্ৰীগৰাকীয়ে আওকাণ কৰিলে।'

তেওঁ এইদৰে গুৰুত্ব আৰোপ নকৰাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপন কৰে বিধায়কগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ কথাত বৰ্তমান কোনো যুক্তিযুক্ততা নাই বুলি কটাক্ষ কৰে। লগতে বিধায়কগৰাকীয়ে কয় যে, মন্ত্ৰী হিমন্তই আচলতে ভোটৰ ৰাজনীতি কৰি আছে। কৰিমগঞ্জৰ পৰা নিৰ্বাচনী যুঁজত কমলাক্ষ দে পুৰকায়স্থৰ বিপৰীতে প্ৰতিদ্বন্দিতা কৰি বিজয়ী হৈ দেখুৱাবলৈও প্ৰত্যাহ্বান জনায়।

মিঞা মিউজিয়াম প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, 'মন্ত্ৰী শৰ্মাই শ্বেৰমান আলীক নিৰ্বাচনৰ পিছত কিয় জেললৈ পঠিয়াব? এতিয়া কিয় নোৱাৰে? কাৰণ তেওঁ এতিয়া মুখ্যমন্ত্ৰী নহয়।' লগতে কয় যে, 'শ্ৰীমন্ত শংকৰদেৱ কেৱল বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকেই নাছিল, তেওঁ আছিল এজন সমাজ সংস্কাৰক। তেওঁ সাহিত্য-সংস্কৃতিৰ এজন পথ প্ৰদৰ্শক। গতিকে এইগৰাকী মহাপুৰুষক ধৰ্মীয় গণ্ডীৰ ভিতৰতে সীমাবদ্ধ কৰি ৰখা কোনো কাৰণতে সমীচিন নহয়। কিয়নো, বৃহত্তৰ অসম গঢ়াৰ তেওঁৰ যি সপোন আছিল, আজি ধৰ্মীয় গণ্ডীৰ ভিতৰত ৰাখি মহাপুৰুষজনক অপমান কৰা হৈছে।'

PLEASE CHANGE THUMBNAIL IMAGE

লগতে পঢ়ক:নিশা হঠাতে স্বাস্থ্যৰ অৱনতিঃ তৰুণ গগৈক পুনৰ হাস্পতালত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.