ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

কৰিমগঞ্জ জিলাত ধাৰাবাহিকভাৱে সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে এই সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷ বুধবাৰে পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰাৰ পিছতো পুনৰ এই আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷

author img

By

Published : Nov 5, 2020, 1:52 PM IST

alligence of scam happening in pradhan mantri awas yojana in karimganj assam etv bharat news
দুৰ্নীতিৰ অভিযোগ

কৰিমগঞ্জ,5 নৱেম্বৰ: কৰিমগঞ্জত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক দুৰ্নীতি ৷ এই অভিযোগ উত্থাপন কৰিছে জিলাখনৰ একাংশ স্থানীয় বাসিন্দাই ৷ বিগত কিছুদিনপূৰ্বৰে পৰা জিলাখনত এই আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ বাতৰি ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পাইছিল ৷ সম্প্ৰতি ধলছড়া পঞ্চায়ত এলেকাত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি পকী ঘৰ থকা লোকৰ নামতহে আৱণ্টিত কৰা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ ৷ প্ৰায় 1700 হিতাধিকাৰীৰ মাজৰ পৰা 1000 এনে পকী বাসগৃহ থকা লোকে লাভ কৰিছে এই সুবিধা ৷ প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত লোকে এই অভিযোগ উত্থাপন কৰে ৷

দুৰ্নীতিৰ অভিযোগ

অঞ্চলটোৰ আফতাব উদ্দিন নামৰ এজন ব্যক্তিয়ে অভিযোগ উত্থাপন কৰি কয় যে, পাথাৰকান্দি উন্নয়ন খণ্ডত কৰ্মৰত একাংশ বিষয়াকে ধৰি পঞ্চায়তৰ ৱাৰ্ড সদস্যও জড়িত হৈ আছে এই দুৰ্নীতিত ৷ শূণ্য সহনশীলতাৰ কথা কোৱা চৰকাৰী এইসকল কৰ্মচাৰীয়ে একোগৰাকী হিতাধিকাৰীৰ পৰা দাবী কৰে 20/25 হাজাৰ পৰ্যন্ত নগদ ধন ৷ এই ধন আদায় দিব নোৱাৰা হিতাধিকাৰীসকলে বঞ্চিত হ’বলগীয়া হয় সুবিধা লাভৰ পৰা ৷ আনকি পকী ঘৰ থকা লোকসকলে পঞ্চায়তৰ এইসকল কৰ্মচাৰীক নগদ ধন দিলে জিঅ’টেক কৰাৰ সময়ত বক্ৰপথৰ সহায় লৈ পকী ঘৰ নোহোৱা বুলি প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে, প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত লোকসকলে বাৰম্বাৰ এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ পিছতো লাভ কৰা নাই কোনো সুফল ৷

লগতে চাওকঃ প্ৰ-পত্ৰত বগা ৰং ঘহাই অৰুনোদয় আঁচনিত নাম সন্নিৱিষ্ট কৰাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.