ETV Bharat / state

কৰিমগঞ্জত উত্তপ্ত পৰিস্থিতিঃ এএনএম উত্তীৰ্ণ প্ৰাৰ্থীৰ আমৰণ অনশন - ANM candidate

কৰিমগঞ্জত এএনএম উত্তীৰ্ণ প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছিল আমৰণ অনশনৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কিন্তু বৃহস্পতিবাৰে নিশাৰ ভাগত প্ৰতিবাদস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

Allegations of Misbehavior on women attending hunger strike karimganj assam etv bharat news
প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Sep 11, 2020, 4:56 PM IST

কৰিমগঞ্জ,11 ছেপ্তেম্বৰ: দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু নিযুক্তিৰ দাবীত কৰিমগঞ্জত এএনএম উত্তীৰ্ণ প্ৰাৰ্থীসকলে গ্ৰহণ কৰিছিল আমৰণ অনশনৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কিন্তু বৃহস্পতিবাৰে নিশাৰ ভাগত প্ৰতিবাদস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ উক্ত পৰিস্থিতিৰ মাজতে সামৰণি পৰে এএনএম প্ৰাৰ্থীসকলৰ প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰা অনুসৰি,জিলা উপায়ুক্তই প্ৰতিবাদকাৰীসকলৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে প্ৰতিবাদস্থলীলৈ পঠিয়াইছিল চক্ৰ বিষয়াগৰাকীক ৷ কিন্তু বিষয়াগৰাকীয়ে প্ৰতিবাদকাৰীসকলক বুজনি দিয়াৰ পৰিৱৰ্তে দাবী-ধমকি দিয়াৰ লগতে অভব্য আচৰণ প্ৰদৰ্শন কৰে বুলি অভিযোগ উত্থাপন কৰিছে এএনএম প্ৰাৰ্থীসকলে ৷

প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে,বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত কেইগৰাকীমান অতিৰিক্ত উপায়ুক্ত প্ৰতিবাদস্থলীলৈ আহি অনশন ভংগ কৰাৰ বাবে অনুৰোধ জনাইছিল প্ৰাৰ্থীসকলক ৷ কিন্তু প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ তৰফৰ পৰা এই সমস্যা সমাধানৰ বাবে লিখিতভাৱে সমাধান বিচাৰে ৷ প্ৰতিবাদকাৰীৰ এই দাবীৰ ফলতে কটু ব্যৱহাৰ কৰে চক্ৰ বিষয়াগৰাকীয়ে ৷ যাৰ ফলত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাৰ ফলত প্ৰতিবাদস্থলীত উপস্থিত হয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ৷ বিধায়কগৰাকীয়ে প্ৰতিবাদকাৰীসকলৰ সপক্ষে মাত মাতি সকীয়নি প্ৰদান কৰে কৰিমগঞ্জ সদৰৰ চক্ৰ বিষয়া ৰাকেশ ডেকাক ৷ পৰৱৰ্তী সময়ত এগৰাকী অতিৰিক্ত উপায়ুক্তই প্ৰতিবাদকাৰীসকলৰ ওচৰত উক্ত ঘটনাৰ বাবে ক্ষমা বিচাৰে ৷ ইতিপূৰ্বেও ৰাকেশ ডেকা নামৰ চক্ৰ বিষয়াগৰাকীয়ে বিভিন্ন বিতৰ্কৰ সূত্ৰপাত ঘটাই আহিছে যাৰ বাবে অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে কৰিমগঞ্জ জিলা প্ৰশাসন ৷

লগতে চাওকঃ বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.