ETV Bharat / state

Corrupt Principal: প্ৰধান শিক্ষকে কেৰেপ নকৰে অতিৰিক্ত উপায়ুক্তক - Allegation of corruption against headmaster

৪৭৮ নং মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে বিত্তীয় কলেংকাৰি (Malongtila Lower Primary School)। প্ৰধান শিক্ষক আৰু খণ্ড শিক্ষা বিষয়াৰ ভয়ত পেপুৱা লাগিছে বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি ।

Malongtila Lower Primary School
মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়
author img

By

Published : Apr 13, 2023, 12:27 PM IST

মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়

কৰিমগঞ্জ , ১৩ এপ্রিল: কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ ৪৭৮নং মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰধান শিক্ষক আৰু খণ্ড শিক্ষা বিষয়াৰ ভয়ত পেপুৱা লাগিছে বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি (Allegation of corruption against headmaster)। বিদ্যালয়খনত সংঘটিত হোৱা বিত্তীয় কলেংকাৰি আৰু শিক্ষকৰ অনুপস্থিতিৰ তথ্য সাংবাদিক আৰু অতিৰিক্ত উপায়ুক্তক হাতে-লোটে ধৰাই দিয়া বাবে প্ৰতিদিনেই ভাবুকিৰ সম্মুখীন হৈ আছে সভাপতিগৰাকী । উপায়ন্তৰ হৈ সুৰক্ষাৰ লগতে ন্যায় বিচাৰি কাষ চাপিছে জিলা উপায়ুক্তৰ ।

জিলাখনৰ ৰামকৃষ্ণনগৰ শিক্ষা খণ্ডৰ ৪৭৮নং মলঙ্গটিলা নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ দীৰ্ঘ দিনৰ পৰাই অৱনতি হৈ আহিছিল (corruption in Ramakrishnanagar Education Block)। বিদ্যালয়খনৰ প্ৰধান শিক্ষক বুদ্ধ দাস বিদ্যালয়ত উপস্থিত হৈ প্ৰতিদিনেই চহী কৰি গাঁৱত আড্ডা মাৰিবলৈ ওলাই যায় । বিদ্যালয়খনৰ পৰিচালন সমিতিৰ সভাপতি আৰু ৰাইজে দীৰ্ঘদিনৰ এনে অভিযোগ উত্থাপন কৰি অহাত সাংবাদিকসহ শিক্ষা বিভাগৰ অতিৰিক্ত উপায়ুক্তগৰাকী ছাডেন ভিজিটত উপস্থিত হয় বিদ্যালয়খনত ।

বিদ্যালয়ৰ পৰিবৱেশ দেখি চখু কপালত উঠে অতিৰিক্ত উপায়ুক্তগৰাকীৰ । দিনৰ ১১ বজাত নাছিল এজনো ছাত্ৰ । তিনিজনৰ মাজত এজন শিক্ষকহে উপস্থিত আছিল । প্ৰধান শিক্ষকগৰাকী আন দিনাৰ দৰেই বিদ্যালয়ৰ পৰা কিছু দুৰত থকা এখন দোকানত তাছ খেলত ব্যস্ত আছিল । সাংবাদিক সেই দোকানখনত উপস্থিত হোৱাত পলাই পত্ৰং দিয়ে বিদ্যালয়ৰ ফালে । বিদ্যালয়ত উপস্থিত হৈ পুনৰ অতিৰিক্ত উপায়ুক্তগৰাকীৰ ৰোষত পৰে প্ৰধান শিক্ষক বুদ্ধ দাস ।

গাঁৱৰ ৰাইজ আৰু পৰিচালন সমিতিৰ অভিযোগৰ সত্যতা হাতে-লোটে ধৰি ততাতৈয়াকৈ ফোনতে বিভাগীয় কৰ্তৃপক্ষক অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ সাময়িক নিলম্বনৰ আদেশ দিয়ে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে । কিন্তু অতিৰিক্ত উপায়ুক্তৰ নিৰ্দেশৰ পাচতো সাময়িক নিলম্বনত ১৫ দিনতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছে । এই সাময়িক নিলম্বনো বেছিদিন নাথাকিল । ৰাজনৈতিক চাপত কৰ্তৃপক্ষয়ো এসপ্তাহৰ ভিতৰতে নিলম্বন প্ৰত্য়াহাৰ কৰি শিক্ষকগৰাকীক নিয়মীয়া কৰিবলৈ বাধ্য হয় ।

অভিযোগ অনুসৰি ইয়াৰ পাচৰে পৰাই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেশ দাসৰ ওপৰত বিতুষ্ট হৈ উঠে প্ৰধান শিক্ষক বুদ্ধ দাস । পৰিচালন সমিতিৰ সভাপতিয়ে অভিযোগ কৰি কয় যে নিশাও যেতিয়াই তেতিয়াই ঘৰলৈ আহি প্ৰধান শিক্ষকগৰাকীয়ে ভাবুকি প্ৰদান কৰি থাকে । পূৰ্বৰ বছৰৰ হিচাপ নিদিয়াকৈ বৰ্তমান বিত্তীয় বছৰৰ টকা উলিওৱাৰ বাবে চেকত চহি কৰাৰ হেঁচা দি আছে । আনকি খণ্ড শিক্ষা বিষয়াও এই ক্ষেত্ৰত চহি নিদিলে দুমাহৰ ভিতৰত তেঁওৰ বেয়া হ'ব বুলি ভাবুকি প্ৰদান কৰিছে বুলি অভিযোগ কৰিছে সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:Mughal history controversy: ৰূপজ্যোতি কৰ্মীক পাগল আখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.