কৰিমগঞ্জ, 25 ডিচেম্বৰ : কৰিমগঞ্জত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৰিমগঞ্জ জিলা এআইইউডিএফৰ ৷
বৃহস্পতিবাৰে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে, এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা গতিয়াই বিদায় দিয়া হ‘ব ৷ মন্ত্ৰী শৰ্মাৰ উক্ত মন্তব্যৰ বিৰুদ্ধে এতিয়া এআইইউডিএফ কৰ্মীসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ৷ শুকুৰবাৰে কৰিমগঞ্জ জিলা এআইইউডিএফে এক সংবাদমেলৰ আয়োজন কৰি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে ৷
লগতে পঢ়ক: অৱশেষত কংগ্ৰেছৰ পৰা বহিস্কাৰ অজন্তা নেওগক